/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2c7606d4-7b88-4deb-8837-0ae833fb655b/tilak_hzarika_22.jpg)
tilak hzarika memorial debate competition
ডিজিটেল সংবাদ কলিয়াবৰ: অসমৰ সংবাদ জগতৰ পিতামহ তথা 'সাদিন' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক তিলক হাজৰিকাৰ আজি মৃত্যু তিথি ৷ সেই উপলক্ষে কলিয়াবৰ প্ৰেছ ক্লাবৰ বছৰজোৰা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি স্বনামধণ্য মনিষী গৰাকীৰ সোঁৱৰণত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাখনিৰ ঘোষিত ফলাফল অনুসৰি শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৰ্পনা ভড়ালী আৰু নিদৰ্শনা শৰ্মাৰ দলে।
“সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীক সামগ্ৰিক বিকাশত ক্ষতি কৰিছে” শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনিত দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মৃন্ময় শেখৰ শৰ্মা আৰু অন্তৰীক্ষ শৰ্মাৰ দল।
প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে হাটবৰৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ৰাশি বৰাই। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে একে বিদ্যালয়ৰে নিদৰ্শনা শৰ্মাই আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ মৃন্ময় শেখৰ শৰ্মা আৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিমজ্যোতি বৰাই।
আনহাতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে বিমলা একাডেমীৰ অংকুৰিমা বৰা আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হেমাশ্ৰী পাঠকে। শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নৱনীতা দলবৰুৱাই সঞ্চালনা কৰা প্ৰতিযোগিতাখনিৰ বিচাৰকৰ আসন অলংকৃত কৰে জয়শ্ৰী গোস্বামী আৰু সিদ্ধাৰ্থ বৈশ্যয়ে।
কলিয়াবৰ মহাবিদ্যলয়ৰ অধ্যক্ষ ড০ হিৰণ্য কুমাৰ চলিহাই সংবাদ জগতৰ পিতামহ তিলক হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভনি ঘটোৱা অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি ৰূপে মহীৰূহ তিলক হাজৰিকাৰ দুহিতা মঞ্জুলা বৰা উপস্থিত থাকি মহান মনিষী গৰাকীৰ জীৱন কৰ্মৰাজি আলোক পাত কৰে ৷
উল্লেখ্য যে, প্ৰতিযোগিতাৰ বিজয়ী সকলক ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা সকলে জনাইছে।