শংকৰী সংস্কৃতিৰ গৱেষক তথা অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰৰ পৰলোকপ্ৰাপ্তি

শংকৰী সংস্কৃতিৰ গৱেষক তথা অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰ আৰু নাই। মঙলবাৰে তেওঁ গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। 

author-image
Asomiya Pratidin
New Update
তিলক

ডিজিটেল ডেস্ক : শংকৰী সংস্কৃতিৰ গৱেষক তথা অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰ আৰু নাই। মঙলবাৰে তেওঁ গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ। 

Advertisment

উল্লেখযোগ্য যে, গৱেষক মজুমদাৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰা লগে লগে নগাঁৱত শোঁকৰ ছাঁ পৰে। সম্প্ৰতি তেওঁৰ নশ্বৰদেহ চিকিৎসালয়তে ৰখা হৈছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি বুধবাৰে নগাঁৱৰ আমোলাপট্টিৰ বাসগৃহলৈ অনা হ’ব তেওঁৰ নশ্বৰদেহ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰ অসম আন্দোলনৰো এগৰাকী নেতা আছিল।

nagaon