/asomiyapratidin/media/media_files/2025/04/30/ysVt4bDLA75ev4MWexHY.jpg)
ডিজিটেল সংবাদ,নগাঁও : সমাজ আৰু সাহিত্য জগতৰ পুৰোধা ব্যক্তি তিলক চন্দ্ৰ মজুমদাৰৰ পৰলোকপ্ৰাপ্তি এক অপুৰণীয় ক্ষতি। জাতিক ভাল পোৱা , শংকৰী সংস্কৃতিক গবেষণা কৰি জাতিটোক শক্তিশালী কৰিবলৈ কাম কৰা নগাঁৱৰ সমাজ জীৱনৰ সকলোৰে আপোন তিলক চন্দ্ৰ মজুমদাৰৰ মঙলবাৰে নিশা গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লোৱাৰ পিছত বুধবাৰে মজুমদাৰৰ নশ্বৰদেহ নগাঁৱৰ বাসভৱনত উপস্থিত হোৱাৰ পিছতে অনুগামী, সামাজিক,সাংস্কৃতিক, ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিয়ে ভীৰ কৰে।
তিলক চন্দ্ৰ মজুমদাৰৰ মৃত্যুৰ বতৰাক লৈ শোকস্তব্দ নগাঁও । ১৯৪০ চনৰ ১২ আগষ্টত ঢাকুৰপাৰাত জন্ম হৈছিল প্ৰয়াত মজুমদাৰ। ৰামদিয়াৰ শ্ৰী শ্ৰী ঢাকুৰপাৰা (বংশীগোপাল ) সত্ৰৰ মজুমদাৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা তিলক চন্দ্ৰ মজুমদাৰৰ পিতৃ নন্দেশ্বৰ মজুমদাৰ আৰু মাতৃ মেহতৰা মজুমদাৰ ।
আনুষ্ঠানিক শিক্ষা ৰামদিয়াতে আৰম্ভ কৰি হাজোত উচ্চ মাধ্যমিক শিক্ষা আৰু কটনৰ পৰা স্নাতক শিক্ষা লৈ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা দিনতে ৰামদিয়া, বামুন্দী, হাজো বালিকা মাধ্যমিক বিদ্যালয়ত অংশকালীন ভাবে শিক্ষকতা কৰা মজুমদাৰে ১৯৬৫ চনত উত্তৰ গুৱাহাটী কলেজত ন মাহ আৰু ১৯৬৬ চনৰ পৰা ২০০১ চনলৈকে নগাঁও ছোৱালী কলেজত ৩৫ বছৰ কাল অধ্যপনা কৰিছিল। অৱসৰৰ পিছত নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ কনিষ্ট মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ হিচাপে আছিল ।
জ্ঞানশিক্ষা, দীপক আদিত লেখা মেলা কৰা মজুমদাৰে “ভুল কাৰ” উপন্যাস খনি ৰচনা কৰে স্কুলীয়া কালতে। সত্ৰ দৰ্পন , অবিভক্ত নগাঁও জিলাৰ সত্ৰসমূহৰ সমাজ সাংস্কৃতিক অধ্যয়ন, সত্ৰ গুৰিকথা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কামৰূপ ৰাজ্যৰ শেষ লীলা ভূমি ৰামদিয়া তেখেতৰ গৱেষণা গ্ৰন্থ। ইয়াৰ বাহিৰেও কুৰিৰো অধি গ্ৰন্থ , বিভিন্ন বাতৰিকাকত , আলোচনী তেখেতৰ লিখনিয়ে সমৃদ্ধ। ইয়াৰ বাহিৰেও নাম প্ৰসঙ্গ, বৰগীত, খোল বাদন, গীত , নৃত্য আদিৰ ক্ষেত্ৰটো পাৰ্গত আছিল ।
নগাঁও চহৰৰ আমোলাপট্টিৰ বীৰেন মহন্ত পথৰ নিৱাসী প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰে মৃত্যুৰ সময়ত পত্নী , পুত্ৰ , তিনি কন্যা সহ আত্মীয় স্বজনক এৰি থৈ গৈছে । প্ৰয়াত তিলক চন্দ্ৰ মজুমদাৰৰ নশ্বৰ দেহ নগাঁও জিলা অগপৰ কাৰ্যালয়লৈ নি শ্ৰদ্ধা জনোৱাৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ চৌহদটো শ্ৰদ্ধা জ্ঞাপন কৰা হয় । আমোলাপট্টি স্মশানত অগনন লোকৰ উপস্থিতিত সৎকাৰ কৰা হয় ।