/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/TIHU-G.jpg)
ডিজিটেল সংবাদ, টিহুঃ কেৰালাৰ তিৰুৱন্তপুৰমত ২০১৯ বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত সমাদৃত হৈ টিহুলৈ গৌৰৱ কঢ়িয়াই আনিছে টিহুৰ শিশু বিজ্ঞানী পৰিষ্মিতা ডেকাই। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ বিভাগৰ দ্বাৰা আয়োজিত ২৭ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণৰ বাবে অসমৰ পৰা নিৰ্বাচিত হোৱা শিশু বিজ্ঞানীৰ দলটোত স্হান লাভ কৰিছিল টিহুৰ শিশু বিজ্ঞানী পৰিষ্মিতা ডেকাই।
পৰিষ্মিতাই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত জনজাতীয় বিশেষকৈ বড়ো লোকসকলৰ অন্যতম পানীয় 'ৰহি' শক্তিবৰ্ধক নে প্ৰাণনাশক পানীয়!" শীৰ্ষক এটি প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বাৰুকৈয়ে সমাদৰ লাভ কৰে। উল্লেখ্য, ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত উক্ত প্ৰকল্প উপস্হাপন কৰি পৰিষ্মিতা ডেকাই ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছিল।
কেৰেলাত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ ২৬ টা প্ৰকল্পসহ দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬৬৪ টা প্ৰকল্প উপস্হাপন কৰা হৈছিল। টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থী পৰিষ্মিতা ডেকা টিহুৰ লচিমা নিবাসী শিক্ষক প্ৰমোদ ডেকা আৰু শিক্ষয়িত্ৰী অণিমা ডেকাৰ কনিষ্ঠ কন্যা।
২ জানুৱাৰীৰত পৰিষ্মিতা কেৰালাৰ পৰা আহি টিহু লচিমাৰ নিজ বাসগৃহত উপস্হিত হোৱাত স্বাভাবিকতে এক আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিষ্মিতাই অসমৰ জনজাতীয়সকলৰ অন্যতম পানীয় 'ৰহি'ক এনেদৰে উপস্হাপন কৰি সমাদৰ লাভ কৰাত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক পংকজ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্হা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ নলবাৰী জিলা সমিতি, টিহু মহকুমা সাংবাদিক সন্হা, টিহু আঞ্চলিক ছাত্ৰ সন্হা, নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্হা, টিহু সাহিত্য সভা, চেতনা সাহিত্য সভা আদি দল সংগঠনে শুভেচ্ছা জ্ঞাপন জনাইছে ।