Advertisment

টিহুত অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন

টিহু নগৰৰ নান্নাট্টাৰীত থকা গাঁও পঞ্চায়ত সভাঘৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা এখন সম্পন্ন হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু কেন্দ্ৰৰ সমন্বয়ক অণিমা কলিতা ডেকাৰ সঞ্চালনাত হোৱা এই সভাত অঞ্চলটোৰ ভালেসংখ্যক লোকে ভাগ লয়।

author-image
Asomiya Pratidin
New Update
sdff
ডিজিটেল সংবাদ, নলবাৰী: টিহুত থকা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ২৬ জানুৱাৰীত টিহু নগৰৰ নান্নাট্টাৰীত থকা গাঁও পঞ্চায়ত সভাঘৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা এখন সম্পন্ন হয়। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু কেন্দ্ৰৰ সমন্বয়ক অণিমা কলিতা ডেকাৰ সঞ্চালনাত হোৱা এই সভাত অঞ্চলটোৰ ভালেসংখ্যক লোকে ভাগ লয়।
Advertisment
সভাত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ সঞ্চালক প্ৰমোদ চন্দ্ৰ ডেকা, টিহু ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ শীল, জনপ্ৰিয় সংগীতশিল্পী হেমন্ত তালুকদাৰ উপস্থিত থাকে ।
লগতে সমাজকৰ্মী হৰিচৰণ বেজবৰুৱা, জনপ্ৰিয় বিজ্ঞানকৰ্মী হিতেশ মেধি, ধনজিৎ বেজবৰুৱা, কনক বেজবৰুৱা, কবিতা দাস, কল্যাণী পাঠক প্ৰমুখ্যে লোকসকলে প্ৰাসংগিক ভাষণ প্ৰদান কৰি সকলোকে বিজ্ঞান মনস্কতাৰে জীৱন নিৰ্বাহ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত সংগীতশিল্পী হেমন্ত তালুকদাৰ আৰু সমাজকৰ্মী হৰিচৰণ বেজবৰুৱাই গীত গাই অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।
অন্ধবিশ্বাস