/asomiyapratidin/media/media_files/2025/01/29/s9reHTFp7Px72isEJQuB.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ ননৈৰ ঘূৰঘূৰিত বন বিভাগৰ সফল অভিযান ।অভিযানত বৃহৎ পৰিমাণৰ বিভিন্ন জন্তুৰ অৱশিষ্ট অংশ জব্দ কৰে অভিযানকাৰী দলে । বুধবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে বিভিন্ন জন্তুৰ অৱশিষ্ট অংশ ৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগে কৰায়ত্ব কৰে ভিন্ন জন্তুৰ অংশ ।
গোপন সূত্ৰৰ পম খেদি কাজিৰঙা আৰু নগাঁও বন বিভাগে কঠিয়াতলী আৰক্ষীৰ সহযোগত জব্দ কৰে হাতীৰ দাঁত, বাঘৰ দাঁতৰ লগতে বিভিন্ন জন্তুৰ দেহৰ অংশ ৷ দুখন বাইকত সৰবৰাহকাৰীয়ে আনিছিল সামগ্ৰীসমূহ ৷
সামগ্ৰীখিনি বিক্ৰী কৰিব চেষ্টা কৰোতেই তিনিজন লোকক আটক কৰে আৰক্ষীয়ে ৷ ধৃত লোককেইজন কাৰ্বি আংলঙৰ অমৰ হাঞ্চে, নগাঁৱৰ মহিন্দ্ৰ বাৰাং আৰু প্ৰবিন চাংমাই ৷