শিলঘাটত বাঘৰ আক্ৰমণত এজন আহত

বাঘে আক্ৰমণ কৰাৰ সময়ত বিৰলা মুণ্ডাৰ ভাতৃ আৰু একাংশ লোকে চিঞৰ কৰাত বাঘটো আতৰি যায়।কামাখ্যা পাহাৰৰ পাদদেশত থকা কলিয়াবৰ চাহ বাগিচাত কেবাটাও বাঘে অৱস্থান কৰি আছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল সংবাদ,কলিয়াবৰঃ   নগাঁও জিলাৰ শিলঘাট অঞ্চলত বনৰজাৰ সন্ত্ৰাস অব্যাহত আছে। সোমবাৰে বিয়লি শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাৰ ৫ নং লাইনত এটা ঢেকীয়াপটীয়া বাঘে এজন লোকক আক্ৰমণ কৰে।

Advertisment

ফলত লোকজন আহত হয়। আহত লোকজন হল হল বাগিচাখনৰ ২ নং লাইনৰ বিৰলা মুণ্ডা (৩৫)।স্থানীয় সুত্ৰই জনোৱা মতে বিৰলা মুণ্ডাই নিজৰ ভাতৃৰ সৈতে পোহনীয়া গৰু আনিবলৈ যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়।

বাঘে আক্ৰমণ কৰাৰ সময়ত বিৰলা মুণ্ডাৰ ভাতৃ আৰু একাংশ লোকে চিঞৰ কৰাত বাঘটো আতৰি যায়।কামাখ্যা পাহাৰৰ পাদদেশত থকা কলিয়াবৰ চাহ বাগিচাত কেবাটাও বাঘে অৱস্থান কৰি আছে। দুদিনমানৰ পুৰ্বে শিলঘাটৰ নাতি দূৰৈৰ দেৱসত্ৰ ,ঢেকিয়াল, কটিয়ৰি ,মিৰিভেটি অঞ্চলত এটা ঢেকীয়াপটীয়া বাঘে সন্ত্ৰাস চলাইছিল।

পিছত বাঘটোক ট্ৰেংকুলাইজ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনলৈ লৈ যায়। একাংশ হৃদয়হীন লোকে এই বাঘটোক শিলগুটি নিক্ষেপ কৰি আহত কৰিছিল। বাঘটো সম্প্ৰতি চিকিৎসাধীন। এই বাঘটো কাজিৰঙালৈ লৈ যোৱাৰ পিছত শিলঘাটত বাঘৰ আক্ৰমণত এজন লোক আহত হোৱাৰ পিছত অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে।

বাঘ