/asomiyapratidin/media/media_files/2024/12/22/5xljxsNJxTjHkeEgAkE8.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত বাঘে ভক্ষণ কৰিলে এজন লোকক। কলিয়াবৰ চাহ বাগিচাৰ ১৩ নম্বৰ বাগানত বাঘে খালে এজনক। লোকজন কলিয়াবৰ বাগিচাৰ বৰ-লাইনৰ বাসুদেৱ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।
শনিবাৰৰ পৰা নিৰুদিষ্ট হৈ আছিল বাসুদেৱ কৰ্মকাৰ নামৰ ৬০ৰ উৰ্ধৰ লোকজন। দেওবাৰে পুৱা কলিয়াবৰ চাহ বাগিছাৰ ১৩ নম্বৰ বাগানৰ সীমাত লোকজনৰ চিন্ন মুণ্ড উদ্ধাৰ হয়। কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ সীমাত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহৰ অৱশিষ্ট অংশ।
শনিবাৰে পুৱা ১০ বজাতেই ছাগলীৰ বাবে পাত আনিবলৈ গৈছিল লোকজন। উক্ত দিনা একেটা অঞ্চলতে যমুনা গড় নামৰ আন এগৰাকী মহিলাকো আক্ৰমণ কৰিছিল ঢেকীয়াপটীয়া বাঘে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us