ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত নৰখাদকৰ আতংকত বাৰুকৈয়ে ত্ৰস্তমান হৈছে ৰাইজ ৷ মঙলবাৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীৰ মাজতে নৰখাদকৰ আতংকত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । নাটকীয় ভাৱে সৃষ্টি হোৱা এই আতংকৰ ফলত প্ৰাণ ৰক্ষাৰ চেষ্টাত কেইৱবাগৰাকীও ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী আহত হয়।
শিক্ষানুষ্ঠানখনৰ খেলপথাৰত গুনোসৎৱৰ কাৰ্যসূচী চলি থকাৰ সময়তে ঘটে অনাকাংক্ষিত এই অঘটন। বিয়লি প্ৰায় তিনি বজাত ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত চলি থকা গুনোসৎৱৰ সভাত বিশিষ্ট অতিথিয়ে ভাষন দি থকা অৱস্থাত শব্দ যন্ত্ৰৰ লগত দুৰ্ভাগ্যবশত কাৰোৱাৰ ব্লু’টুথৰ সংযোগ ঘটে আৰু চাউণ্ডবক্সত বিপদগ্ৰস্ত মহিলাৰ প্ৰাণৰক্ষাৰ আৰ্তনাদ ভাহি আহে ৷
অনাকাংক্ষিত ভাৱে ভয়াৰ্ত মহিলাৰ আৰ্তনাদ চৌপাশে বিয়পি পৰাৰ লগে লগে উপস্থিত সকলোৱে সকলো পাহৰি সেয়া ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত প্ৰাণ ৰক্ষাৰ বাবে ওচৰতে কোনো মহিলাই চিঞৰা বুলি অনুমান কৰি প্ৰায়সংখ্যক ছাত্ৰ-ছাত্ৰী,অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে হুচ হেৰুৱাই নৰখাদকৰ পৰা জীৱন ৰক্ষাৰ বাৱে শ্ৰেণী কোঠালৈ দৌৰ মাৰে ৷ সেইসময়ত খেলপথাৰৰ পৰা শ্ৰেণীকোঠালৈ সৰু গেটখনৰে দৌৰা দৌৰি কৰোতে এজনে আনজনৰ গাৰ ওপৰতে বাগৰি পৰে ৷
ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী,অভিভাৱক,শিক্ষক-শিক্ষয়িত্ৰী কম বেচি পৰিমানে আহত হয়। ইয়াৰে ষষ্ঠ শ্ৰেনীৰ দেৱ গঞ্জু আৰু কিচমা বেগম নামৰ শিক্ষাৰ্থী দুগৰাকীক কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় । সম্প্ৰতি দুয়োগৰাকী শিক্ষাৰ্থী সুস্থ ।
উল্লেখ্য যে, কলিয়াবৰত নৰখাদকৰ আতংকত সম্প্ৰতি জনজীৱন অস্বাভাৱিক হৈ পৰিছে । বাঘৰ ভয়ত এতিয়া জনশূন্য হৈ পৰিছে কলিয়াবৰ চাহ বাগিচাৰ এটা বৃহৎ অঞ্চল । নৰখাদকৰ আতংকৰ ফলত বৃটিচ বন্দৰ নগৰী শিলঘাটত সন্ধিয়া হোৱাৰ লগে লগে নিমাওমাও পৰিবেশে বিৰাজ কৰে । এক কথাত বাঘৰ আতংকই সম্প্ৰতি বৃহত্তৰ শিলঘাট অঞ্চলৰ গ্ৰাম্য অৰ্থনীতিত বিৰূপ প্ৰভাৱ পেলাইছে ৷
বাঘৰ আক্ৰমণত এতিয়ালৈকে কলিয়াবৰ চাহ বাগিচাৰ দুজন লোক আহত হোৱাৰ লগতে এজনক বাঘে ভক্ষণ কৰিছে। কিছুদিন পূৰ্বে কলিয়াবৰ চাহ বাগিচাৰ ১৩ নম্বৰ বাগানত ঢেঁকীয়াপটীয়া বাঘৰ আক্ৰমণত যমুনা গড় নামৰ এগৰাকী মহিলা আহত হোৱাৰ পাছতে উদ্ধাৰ হৈছিল বাঘে ভক্ষণ কৰা বাসুদেৱ কৰ্মকাৰ নামৰ এজন লোকৰ দেহৰ অৱশিষ্ট।
ইয়াৰ পিছতে আতংকিত হৈ পৰিছিল বাগিচাৰ শ্ৰমিকসকল। ইফালে বাঘৰ সন্ত্ৰাসৰ ভয়তে কামাখ্য প্ৰাথমিক বিদ্যালয়খনত অচলাৱস্থাই দেখা দিছিল । তাৰ মাজত বিদ্যালয়ৰ পাঠদান চলি আচিল যদিও কলিয়াবৰ চাহ বাগিচা এলেকাৰ নাতিদূৰত থকা টিমনাবস্তি আৰু কেণ্ডুপাম এলেকাৰ প্ৰায় ডেৰকুৰি ছাত্ৰ-ছাত্ৰী বাগানৰ মাজেৰে বাঘৰ ভয়ত আহ-যাহ কৰিব পৰা নাছিল।
কিন্তু বিগত দুদিন ধৰি বিদ্যালয় খনত অনুষ্ঠিত হোৱা গুণোৎসৱক লৈ চিন্তাত পৰিল বিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰী, অভিভাৱক । এই কাৰ্যসূচীত অংশ ল'বলৈ আশংকা কৰা কণ-কণ ছাত্ৰ-ছাত্ৰী সকলক স্থানীয় শিলঘাট খণ্ড বন বিভাগে ছাত্ৰ ছাত্ৰী সকল অহা যোৱা কৰা নিৰ্দিষ্ট সময় খিনিত নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰে ৷ সোমবাৰ আৰু মঙলবাৰে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী সকলক সশস্ত্ৰ বন কৰ্মীয়ে সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত পুৱা বিদ্যালয়খনলৈ অনা আৰু বিয়লি গৃহলৈ নিয়াৰ দায়িত্ব পালন কৰিছে ৷