Advertisment

মেৰাপানীত বনৰজাৰ সন্ত্ৰাস : আতংকিত সীমান্তবাসী ৰাইজ...

নগা দুস্কৃতিকাৰীৰ সন্ত্ৰাসত নহয়, এইবাৰ বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজ।নাহৰফুটুকীয়ে ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁৱখনত সৃষ্টি কৰিছে আতংকৰ

author-image
Asomiya Pratidin
New Update
merapani tiger

ডিজিটেল সংবাদ, মেৰাপানী : নগা দুস্কৃতিকাৰীৰ সন্ত্ৰাসত নহয়, এইবাৰ বাঘৰ সন্ত্ৰাসত থৰহৰি কম্পমান হৈছে মেৰাপানী সীমান্তৰ এখন গাঁৱৰ ৰাইজ। বিগত এটা মাহ ধৰি এটা নাহৰফুটুকী বাঘে মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত মুক্ত বিচৰণ কৰি গাঁৱখনত সৃষ্টি কৰিছে আতংকময় পৰিবেশৰ। 

Advertisment

ইতিমধ্যে বাঘটোৱে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ পোহনীয়া গৰু- ছাগলী আক্ৰমণ কৰি আহত কৰিছে । বাঘৰ ভয়ত সন্ধিয়াতেই দুৱাৰ মাৰি ঘৰৰ ভিতৰ সোমাইছে গাঁৱবাসী। 

ইফালে বাঘৰ আতংকৰ বাবেই পথাৰৰ পকা ধান কাটিবলৈ সাহস গোটাব পৰা নাই স্থানীয় কৃষকসকলে ।  সোমবাৰে এজন কৃষক পথাৰলৈ যোৱাৰ সময়তে বাঘটোৰে মুখামুখি হোৱাত কোনোমতেহে প্ৰাণ ৰক্ষা কৰি ঘৰলৈ উভতিবলৈ সক্ষম হয় বুলি জনায়। 

সম্প্ৰতি গাঁৱবাসীয়ে ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা চলাই আছে । সন্দেহ কৰা অনুসৰি চুবুৰীয়া নগা পাহাৰৰ পৰা বাঘটো ভৈয়ামলৈ নামি আহি বিগত এটা মাহে বাহৰ পাতি আছে । ইফালে বৰ্তমানলৈকে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত বিপাঙত পৰিছে স্থানীয় ৰাইজ । 

merapani tiger attack