বাঘৰ সন্ত্ৰাসঃ গৰাকীৰ সন্মুখতে মাৰিলে গো-ধন

ৰাইজে হুলস্থূলৰ সৃষ্টি কৰাত বাঘটো জংঘললৈ আতৰি যায়। সোমবাৰেও এইদৰে দিনদুপৰতে পোহনীয়া গো-ধন আক্ৰমণৰ চেষ্টা চলাইছিল বাঘে। বাঘৰ এই আক্ৰমণত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

author-image
Asomiya Pratidin
New Update
গৰাকীৰ সন্মুখতে মাৰিলে গো-ধন

গৰাকীৰ সন্মুখতে মাৰিলে গো-ধন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াৰ চন্দ্ৰআতিৰ পাণপুৰ-বিশ্বনাথ মথাউৰিৰ সমীপত বাঘৰ সন্ত্ৰাস। পুৱাই বনৰাজে নিধন কৰিলে এজনী গাই গৰু। অঞ্চলটোৰ গৰ্জমান তাৱাং নামৰ ব্যক্তিজনে মথাউৰিৰ সমীপতে গাই গৰু জনী এৰাৰ দিবলৈ যাওঁতে গাইজনীক গৰাকীৰ সন্মুখতে বাঘে আক্ৰমণ কৰি নিধন কৰে।

অৱশ্যে বাঘৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে ব্যক্তিজনৰ। পিছত গাঁওবাসী ৰাইজে হুলস্থূলৰ সৃষ্টি কৰাত বাঘটো জংঘললৈ আতৰি যায়। সোমবাৰেও এইদৰে দিনদুপৰতে পোহনীয়া গো-ধন আক্ৰমণৰ চেষ্টা চলাইছিল বাঘে। বাঘৰ এই আক্ৰমণত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী।

বাঘ বাঘৰ আক্ৰমণ চতিয়া