Advertisment

চতিয়াত বাঘৰ সন্ত্ৰাসঃ পুনৰ নিধন কৰিলে গৰু...

এসপ্তাহৰ ভিতৰত পাঁচটাকৈ গৰু নিধন কৰি একপ্ৰকাৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে বাঘে । ফলস্বৰূপে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে ।  

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  চতিয়াত অব্যাহত আছে বাঘৰ সন্ত্ৰাস । ধাৰাবাহিকভাবে বাঘে সন্ত্ৰাস চলাই থকাত আতংকিত হৈছে অঞ্চলটোৰ লোকসকল ।

Advertisment

বুধবাৰে নিশা পুনৰ বাঘে নিধন কৰিলে এজনী গাই গৰু। চতিয়াৰ দক্ষিণাঞ্চলৰ চন্দ্ৰভেটিত ধনবাহাদুৰ দৰ্জি নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালীত সোমাই বাঘে গাই গৰুজনীক নিধন কৰে ।

এসপ্তাহৰ ভিতৰত পাঁচটাকৈ গৰু নিধন কৰি একপ্ৰকাৰ আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে বাঘে । ফলস্বৰূপে অঞ্চলটোৰ ৰাইজে উজাগৰী নিশা কটাব লগীয়া হৈছে ।  

অঞ্চলটোত বাঘৰ ধাৰাবাহিক সন্ত্ৰাস অব্যাহত আছে যদিও ইয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ আতংকিত জনতাই ।

বাঘ