ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত হ্ৰাস পাইছে বাঘৰ মৃত্যুৰ সংখ্যা । যোৱা বাৰ মাহত ৩৭ শতাংশ হ্ৰাস পাইছে বাঘৰ মৃত্যুৰ সংখ্যা । উল্লেখযোগ্য যে ২০২৩ চনত ভাৰতত ১৮২ টাকৈ বাঘৰ মৃত্যু হৈছিল । তাৰ বিপৰীতে চলিত বৰ্ষত বাঘৰ মৃত্যৰ সংখ্যা হ্ৰাস পাইছে ১১৫ টালৈ ।
এই পৰিসংখ্যাত যিকোনো প্ৰকাৰে মৃত্যু হোৱা বাঘৰ সংখ্যা অন্তৰ্ভূক্ত কৰা হয় । প্ৰাকৃতিক মৃত্যুৰ লগতে দুস্কৃতিকাকাৰীয়ে হত্যা কৰা বা বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হোৱা নাইবা মানুহৰ লগত প্ৰত্যক্ষভাৱে সংঘাতত লিপ্ত হৈ মৃত্যুবৰণ কৰা বাঘৰ সংখ্যাক তালিকাভূক্ত কৰা হয় এই পৰিসংখ্যাত ।
উল্লেখযোগ্য যে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশত সৰ্বাধিক সংখ্যক বাঘৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই । মধ্যপ্ৰদেশত চলিত বৰ্ষত ৪৬ টাকৈ বাঘৰ মৃত্যু হৈছে, ২০২৩ বৰ্ষত এই সংখ্যা আছিল ৪৩ টা । আনহাতে মহাৰাষ্ট্ৰত এই বছৰ মৃত্যু হোৱা বাঘৰ সংখ্যা হ’ল ২৩ টা । ২০২৩ ত এই সংখ্যা আছিল ৪৬ টা । কৰ্ণাটকত এই বৰ্ষত ১১ টাকৈ বাঘৰ মৃত্যু হৈছে যিটো যোৱাবছৰ মৃত্যুৰ সংখ্যাতকৈ এটা কম ।