Advertisment

পূৰ্বতকৈ শক্তিশালী হৈছে ভাৰত-ছিংগাপুৰৰ সম্পৰ্ক!

ভাৰত আৰু ছিংগাপুৰৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হৈছে। ইয়াৰ বাবে আমি অহৰহ কাম কৰি আছো। দুয়োখন দেশৰ নেতৃত্বই এই সম্পৰ্ক অধিক সুদৃঢ় কৰাত মনোনিৱেশ কৰিছো।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ সৈতে ছিংগাপুৰৰ সম্পৰ্ক

ভাৰতৰ সৈতে ছিংগাপুৰৰ সম্পৰ্ক Photograph: (ভাৰতৰ সৈতে ছিংগাপুৰৰ সম্পৰ্ক)

ডিজিটেল ডেস্কঃ ভাৰত আৰু ছিংগাপুৰৰ সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হৈছে। ইয়াৰ বাবে আমি অহৰহ কাম কৰি আছো। দুয়োখন দেশৰ নেতৃত্বই এই সম্পৰ্ক অধিক সুদৃঢ় কৰাত মনোনিৱেশ কৰিছো।- দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰ্মান শনমুগাৰত্নমে শনিবাৰে এই মন্তব্য প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত। 

Advertisment

তেওঁ লগতে উল্লেখ কৰে যে ছিংগাপুৰত শেহতীয়াকৈ নেতৃত্বৰ পৰিৱৰ্তনে দ্বিপাক্ষিক সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাইছে, যাৰ ফলত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ধাৰাবাহিকতা নিশ্চিত হৈছে। তেওঁ কয়- 'এইটো এটা প্ৰজন্মৰ নেতাৰ পৰা আন এটা প্ৰজন্মলৈ সম্পৰ্কৰ নিৰন্তৰ বিকাশ। আমি ছিংগাপুৰ-ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰি আছো, আৰু পূৰ্বৰ নেতৃত্বত যি কৰা হৈছিল সেয়া নতুন নেতৃত্বৰ অধীনত অব্যাহত আছে।

অৰ্থনৈতিক সহযোগিতাৰ সম্বোধন কৰি শনমুগাৰত্নমে দুয়োখন দেশৰ মাজত বিমান সেৱা চুক্তিখন সংশোধন কৰাৰ পৰিকল্পনা প্ৰকাশ কৰে, যিটো শেষবাৰৰ বাবে ২০০৫ চনত আপডেট কৰা হৈছিল ভাৰতীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰি তেওঁ দুয়োপক্ষৰ পৰা এক আশা দেখিলে।

ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে বিমান খণ্ডৰ এম আৰ অ’ (ৰক্ষণাবেক্ষণ, মেৰামতি, আৰু অভাৰহ’ল) ব্যৱসায়ত আশাব্যঞ্জক সম্ভাৱনা দেখুৱাইছে। তেওঁ এম আৰ অ’ত বিশ্বব্যাপী ব্যৱসায় থকা কিছুমান ছিংগাপুৰৰ কোম্পানীয়ে কেনেদৰে অৰিহণা যোগাব পাৰে সেই বিষয়ে আলোকপাত কৰে।

তেওঁ ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সম্পৰ্কত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ উল্লেখযোগ্য অৱদানৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ছিংগাপুৰৰ ভাৰতীয় সম্প্ৰদায়ত ভাৰতীয় বংশৰ বহু প্ৰজন্মৰ ছিংগাপুৰবাসী আৰু শেহতীয়াকৈ অনুপ্ৰৱেশ কৰা দুয়োকে গঠিত, প্ৰত্যেকেই দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত সুকীয়া ভূমিকা পালন কৰে।









 

ভাৰত