/asomiyapratidin/media/media_files/2025/02/23/TDuyVIh1UgOvLftz8ASG.jpg)
'থুনলাই গাথোন'ৰ সোণালী দিৱস কাৰ্যসূচীৰ সফল সামৰণি
ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ লাংহিনস্থিত বড়ো সাহিত্য সভাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত দেওবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ অধীনস্থ সাহিত্য চ'ৰা ('থুনলাই গাথোন')ৰ ৫০ সংখ্যক সোণালী দিৱস কাৰ্যসূচীৰ সফল সামৰণি পৰে । কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অৰবিন্দ উজীৰৰ সভাপতিত্বত সভাখন অনুষ্ঠিত কৰা হয় ।
সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সোমেশ্বৰ বসুমতাৰীয়ে । 'থুনলাই গাথোন' অৰ্থাৎ সাহিত্য চ'ৰাৰ এই অনুষ্ঠানটো শুভ উদ্বোধন কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে ।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ দিয়ে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশ্বেশ্বৰ বসুমতাৰীয়ে । 'চুটি গল্প আৰু কবিতাৰ পুথি 'থুনলাই গাথোন' গ্ৰন্থ উন্মোচন কৰে লাংহিন নগৰ পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ কমল ব্ৰহ্মই ।
ইয়াৰ পিছতে বড়ো ভাষাৰ কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই কবিতা পাঠৰ অনুষ্ঠানত কাৰ্বি আংলং জিলাখনৰ প্ৰায় ৫০ গৰাকী বিশিষ্ট সাহিত্যিক, কবিসকলে বড়ো ভাষাৰ স্বৰচিত কবিতা পাঠ কৰে ।
উল্লেখযোগ্য যে বড়ো ভাষাত কবিতা পাঠ কৰা বিশিষ্ট কবিসকলৰ ভিতৰত হৈছে ক্ৰমে ড° প্ৰেমানন্দ মোছাহাৰী, অৰবিন্দ উজিৰ, বিশ্বেশ্বৰ বসুমতাৰী, ৰত্নেশ্বৰ নাৰ্জাৰী, ঋতুৰাজ বসুমতাৰী, অজিত বসুমতাৰী, মদাৰাম বসুমতাৰী, শান্তিৰাম বসুমতাৰী, থানেশ্বৰ গয়াৰী, মগেজ নাৰ্জা বড়ো, লংকেশ্বৰ হাইনাৰী, নিৰ্মল বসুমতাৰী, কে দীপক বসুমতাৰী, বাৰেন্দ্ৰ কুমাৰ বসুমতাৰী, ড° প্ৰসেনজিত মোছাহাৰী, দিলীপ দৈমাৰী, কৃষ্ণমোহন বসুমতাৰী, দদেৰে মাইনাও বড়ো, ৰূপালী বসুমতাৰী, সুবাসী বসুমতাৰী, শিৱপ্ৰসাদ খাখলাৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, বাণেশ্বৰ বসুমতাৰী, প্ৰমিলা বড়ো, চনিয়া বসুমতাৰী, অনিল বড়ো, ৰীতা খাখলাৰী আদি ।