/asomiyapratidin/media/media_files/2025/07/02/293-2025-07-02-23-41-50.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : শেহতীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা এটাকৈ পঞ্চায়তৰ ১০ গৰাকীকৈ সদস্যৰে গঠন কৰি থকা হৈছে একো একোখনকৈ গাঁও পঞ্চায়ত । মানকাচৰৰ ১২ নং পানকাটা গাঁও পঞ্চায়ত গঠনৰ বাবে ২৩ জুনত জিলা প্ৰশাসনে সময়সূচী নিৰ্ধাৰণ কৰি দিছিল। কিন্তু ৫ গৰাকী সদস্য উপস্থিত থকাৰ বিপৰীতে বাকী ৫ গৰাকী সদস্য উপস্থিত নোহোৱাত ২৩ জুনত গঠন হোৱা নাছিল পানকাটা গাওঁ পঞ্চায়ত।
পানকাটা গাঁও পঞ্চায়ত গঠনৰ বাবে দ্বিতীয় বাৰৰ বাবে সময় নিৰ্ধাৰণ কৰা হয় ৩০ জুন । ফলত সোমবাৰে ১০ গৰাকী নিৰ্বাচিত সদস্য-সদস্যা উপস্থিত হয় মানকাচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত।
প্ৰথমে প্ৰস্তাৱ আৰু সমৰ্থনৰ জৰিয়তে সভানেত্ৰী নিৰ্বাচন কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰক্ৰিয়া আৰম্ভ কৰে। অগপ আৰু কংগ্ৰেছৰ সমৰ্থিত দুগৰাকী সভানেত্ৰী পদৰ প্ৰাৰ্থীৰ পক্ষত ৫ জনকৈ সদস্য-সদস্যা সমৰ্থন কৰাৰ বাবে প্ৰস্তাৱ-সমৰ্থনৰ জৰিয়তে নিৰ্বাচিত নহয় পঞ্চায়ত সভানেত্ৰী।
ফলত ভোট প্ৰক্ৰিয়াৰ জৰিয়তে সভানেত্ৰী নিৰ্বাচনৰ চেষ্টা চলোৱা হয়। ভোটৰ জৰিয়তেও দুয়োপক্ষৰ প্ৰাৰ্থীয়ে নিজৰ ভোটসহ ৫ টাকৈ ভোট লাভ কৰে। ফলত দুয়োটা পক্ষৰ সমৰ্থনত টচ কৰাৰ পাচত অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্বাৰমিনুল্ল্যা পানকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়।
উপসভানেত্ৰী নিৰ্বাচনতো একেই অৱস্থা হয় দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়-ববীয়াসকলৰ। ফলত উপায়হীন হৈ উপসভানেত্ৰীৰ বাবেও টচ কৰিবলগীয়া হয়। টচত কংগ্ৰেছ সমৰ্থিত মোছলেমা খাতুন উপসভানেত্ৰী হিচাপে জয়লাভ কৰে।
এইদৰে ৫ টকীয়া মুদ্ৰাৰে কৰা টচৰ জৰিয়তে শ্বাৰ্মিনুল্ল্যা আৰু মোছলেমা খাতুন পানকাটা গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভানেত্ৰী পদত নিৰ্বাচিত হয়। এটা ৫ টকীয়া মুদ্ৰাই দুয়োগৰাকী গাওঁ পঞ্চায়ত সদস্যাৰ ভাগ্য আগন্তুক ৫ বছৰৰ বাবে সলনি কৰি পেলায়।
উল্লেখ্য যে, মানকাচৰৰ হাজিৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপসভানেত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰতো ফেকামাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় একে পৰিস্থিত হৈছিল। ফলত পঞ্চায়ত খনতো টচৰ জৰিয়তে সভানেত্ৰী আৰু উপসভাপতি নিৰ্বাচিত কৰিবলগীয়া হৈছিল।
লক্ষণীয় যে, এতিয়ালৈ জিলাখনৰ দুখনকৈ আঞ্চলিক পঞ্চায়তৰ অধীনত ২৯ খনকৈ গাঁও পঞ্চায়ত শান্তিপূৰ্ণভাৱে গঠন কৰা হৈছে। ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ অধীনস্থ কানাইমাৰা গাঁও পঞ্চায়তখন আজি গঠন কৰাৰ বাবে জিলা প্ৰশাসনে সময়সীমা নিৰ্ধাৰণ কৰিছিল যদিও পঞ্চায়তখনৰ ১০ গৰাকী নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যৰ ভিতৰত ৬ গৰাকী সদস্য উপস্থিত থকাত আজি পঞ্চায়ত গঠন বাতিল সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
একেদৰে মানকাচৰৰ কুচনিমাৰা জোৰাডাঙা গাঁও পঞ্চায়তত ৫ গৰাকী সদস্য উপস্থিত থকাৰ ফলত পঞ্চায়ত গঠনৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে। কাইলৈ আন চাৰিখন পঞ্চায়ত গঠনৰ পাচত ৪ জুলাইত কানাইমাৰা আৰু জোৰডাঙা কুচনিমাৰা পঞ্চায়ত গঠন কৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে ২০ জুলাইৰ পাচত জিলাখনৰ ৩৫ খন আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে শপত গ্ৰহন কৰি দুই আঞ্চলিক পঞ্চায়ত গঠন কৰা হব। একেদৰে এই মাহৰ শেষৰ ফালে চাৰিখন আসনেৰে জিলা পৰিষদৰ সদস্যসকলৰ শপতগ্ৰহন আৰু জিলা পৰিষদ গঠনৰ প্ৰক্ৰিয়া জিলা প্ৰশাসনে কৰিব বুলি জানিব পৰা গৈছে।