বৰহোলা ছাত্ৰশালীত নিচাযুক্ত দ্ৰব্যসহ ৩ যুৱকক আটক

বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত মহিমাবাৰী ছাত্ৰশালীত ড্ৰাগছৰ সৈতে তিনি যুৱকক আটক কৰিছে তিতাবৰ আৰক্ষীয়ে ৷

author-image
Asomiya Pratidin
New Update
KJHK

ডিজিটেল সংবাদ,ঘিলাধাৰী : বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত মহিমাবাৰী ছাত্ৰশালীত ড্ৰাগছৰ সৈতে তিনি যুৱকক আটক কৰিছে তিতাবৰ আৰক্ষীয়ে ৷ তিতাবৰ সমজিলাৰ আৰক্ষী বিষয়া তৰুণ গোৱেল আৰু বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল গগৈৰ নেতৃত্বত চলা অভিযানত গোলাঘাট-যোৰহাট সীমামূৰীয়া অঞ্চল ছাত্ৰশালীৰ কাকডোঙা মাথাউৰিত ড্ৰাগছৰ সৈতে দাংধৰাৰ তিনি যুৱকক আটক কৰে।

Advertisment

যুৱককেইজন ক্ৰমে মুকুল বৰা,যদুমণি শইকীয়া আৰু ৰুবুল বৰা। উল্লেখ্য যে ২ কিঃমিঃ দৈৰ্ঘ্যৰ জনশূন্য পথছোৱাত দীৰ্ঘদিনৰ পৰা দিনৰভাগত নিচাসক্ত যুৱকে ড্ৰাগছ সেৱন কৰা লগতে ৰাতি অসামৰিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে ৷

Assam police