ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ সমীপৰ বৈখুনগাঁৱৰ পৰা টেলিস্কোপ লগোৱা এয়াৰ গান সহ তিনি যুৱকক আটক কৰা হয়। এছটিএফৰ গোপন তথ্যৰ ভিত্তিত আজি চিৰাং আৰক্ষীয়ে কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত অভিযান চলাই দিপাংকৰ বসুমতাৰী (২৩), সৌমদৌম বসুমতাৰী (২৭) আৰু বিলিপাং বসুমতাৰী (২৬) নামৰ তিনিজন যুৱকক আটক কৰে ।
ধৃত যুৱক তিনিজনৰ পৰা আৰক্ষীয়ে এটা এয়াৰ গান আৰু এয়াৰ গানত ব্যবহৃত গুলী জব্দ কৰে । আৰক্ষীৰ ফালৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে ধৃত বিলিফাং বসুমতাৰীৰ বাসগৃহত ফান্দ বনাই তিনিজন যুৱকে এয়াৰ গানেৰে বন্যপ্ৰাণী তথা চৰাই হত্যা কৰি সেই দৃশ্য মোৱাইলত বন্দী কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল ।
বন্যপ্ৰাণী হত্যা কৰা অপৰাধত অভিযুক্ত ধৃত যুৱক তিনিজনক আৰক্ষীয়ে কাজলগাঁৱৰ বনবিভাগৰ কাৰ্য্যালয়ত গতাই দিয়ে । ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)(এ)/১১১(৩) আৰু ১৯৭২ চনৰ বন্যপ্ৰাণী সুৰক্ষা আইন ৫১(১) আৰু ১৯৬০ চনৰ বন্যপ্ৰাণীৰ সৈতে কঠোৰতা আইন ১১(১)(এল) মতে কাজলগাঁও থানাত ১৬৮/২৪ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে ।