/asomiyapratidin/media/media_files/2025/01/09/mgKKmbFjQFuLuR2ORCyn.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিচকীয়া বাহনৰ ৰপ্তানি ২০২৪ চনত পুনৰ উত্থান ঘটিছে । শ্ৰীলংকা, কেনিয়া আৰু নেপালৰ দৰে দেশলৈ বৃদ্ধি পাইছে ভাৰতৰ তিনিচকীয়া বাহনৰ ৰপ্তানি ।
ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছৰ তথ্য অনুসৰি ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষত জানুৱাৰী-নৱেম্বৰৰ সময়ছোৱাত ৰপ্তানিৰ হাৰ ১.৭৩ শতাংশৰ সামান্য বৃদ্ধি পাই ২৭৩,৫৪৮ ইউনিটত উপনীত হোৱাৰ বিপৰীতে ২০২৩ চনত ২৬৮,৮৮৮ ইউনিট আছিল।
প্ৰাইমাছৰ উপদেষ্টা অনুৰাগ সিঙে কয় যে আমাৰ মূল ৰপ্তানি গন্তব্যস্থান শ্ৰীলংকা, কেনিয়া আৰু নেপালে অৰ্থনৈতিক অস্থিৰতাৰ পিছত কিছু স্থিৰতা লাভ কৰিছে যাৰ ফলত বৃদ্ধি পাইছে ভাৰতৰ তিনিচকীয়া বাহনৰ ৰপ্তানিৰ ।তেওঁ লগতে কয় “তদুপৰি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ্ৰাসে আমাৰ তিনিচকীয়া বাহনসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক প্ৰতিযোগিতামূলক কৰি তুলিছে।”
উল্লেযোগ্য যে যোৱা কিছু বছৰত তিনিচকীয়া বাহন উদ্যোগটোৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ২০ বিত্তীয় বৰ্ষত ৰপ্তানি ১১.৬০ শতাংশ আৰু ২১ বিত্তীয় বৰ্ষত ২১.৭০ শতাংশ হ্ৰাস পাইছিল। কিন্তু ২২ বিত্তীয় বৰ্ষত ২৭.২০ শতাংশ বৃদ্ধিৰে এই খণ্ডটোৰ বৃদ্ধিয়ে এক মাত্ৰা প্ৰদান কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us