/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/45ba5027-6c9f-4b23-b2b6-bd85d3985fe6/4.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাত মথুৰাপুৰত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি উপদ্ৰপ ৷ মঙলবাৰে নিশা মথুৰাপুৰ আৰক্ষী থানাৰ কিছু নিলগত তিলকান্ত গগৈ নামৰ লোকজন দোকানত এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।
চুৰিকাণ্ডৰ সময়তে নিশা মথুৰাপুৰ আৰক্ষীৰ তহলদিয়া এটি দলে চুৰি কাণ্ড সংঘটিত কৰা তিনিটা গভাইত চোৰক আটক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ কেইটা হ’ল ক্ৰমে লাকী সিং, শিবা কৰ্মকাৰ আৰু ৰকি কৰ্মকাৰ ৷
উল্লেখযোগ্য যে মথুৰাপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি চোৰকেইটাই চুৰিকাণ্ড সংঘটিত কৰি আহিছিল । বৰ্তমান মথুৰাপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে চোৰৰ দলটোক৷
Also Read: চৰাইদেউ চলা সংৰক্ষিত বনাঞ্চলত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনেশ পক্ষী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us