প্ৰচণ্ড বৰষুণ! দিল্লীত পানীত আৱদ্ধ ৩শিক্ষাৰ্থী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

প্ৰচণ্ড বৰষুণ! দিল্লীত পানীত আৱদ্ধ ৩শিক্ষাৰ্থী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

author-image
Asomiya Pratidin
New Update
প্ৰচণ্ড বৰষুণ! দিল্লীত পানীত আৱদ্ধ ৩শিক্ষাৰ্থী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত প্ৰচণ্ড বৰষুণ। ধাৰাষাৰ বৰষুণত বুৰ হৈছে ৰাজধানী চহৰৰ কেইবাটাও অঞ্চল। শনিবাৰে সন্ধিয়া হোৱা বৰষুণৰ ফলত বহুতো অঞ্চলত পানী জমা হয়। যাৰ ফলত ঠায়ে ঠায়ে বহু লোক আৱদ্ধ হৈ পৰে।

Advertisment

উল্লেখযোগ্য যে এই ধাৰাষাৰ বৰষুণৰ ফলত পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানীৰে ভৰি পৰে। ইয়াৰ ফলত ২গৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ ৪ঘন্টাৰো অধিক সময় পানীত আৱদ্ধ হৈ আছিল।

পিছত বিদ্যুৎস্পৃষ্ট হৈ তিনিগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। উক্ত স্থানত শনিবাৰে নিশাৰে পৰা এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখি মৃতদেহ উদ্ধাৰ কৰে। ইফালে, বৰষুণৰ ফলত দিল্লীৰ একাংশ অঞ্চলত পানী জমা হোৱাৰ লগতে গছ উভালি পৰাৰ বাবে যাতায়তৰ ব্যাহত হৈ পৰে।

Also Read: ৰাজধানী দিল্লীত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু...

delhi