/asomiyapratidin/media/media_files/2025/04/30/kf6WWqV92klpXa2Rcvim.jpg)
ডিজিটেল ডেস্কঃ সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হল। এইবাৰ ফলাফলত দেখা পোৱা গল ২০২৪বৰ্ষৰ তুলনাত তিনিওটা শাখাতে উৰ্ত্তীণৰ হাৰ ২০২৫বৰ্ষত হ্ৰাস পাইছে।
কলা শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৮.৩৬শতাংশ। ২০২৫বৰ্ষত সেই উৰ্ত্তীণৰ হাৰ ৭.৩৩শতাংশ হ্ৰাস পালে। ২০২৫বৰ্ষত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮১.০৩শতাংশ।
বিজ্ঞান শাখাতো ২৪তুলনাত ২০২৫বৰ্ষত উৰ্ত্তীণৰ হাৰ ৫শতাংশ হ্ৰাস পাইছে। ২০২৪বৰ্ষত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ আছিল ৮৯.৮৮শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয়গৈ ৮৪.৮৮শতাংশ।
বাণিজ্য শাখাতো ৬শতাংশ অধিক উৰ্ত্তীণৰ হাৰ ২০২৪বৰ্ষৰ তুলনাত হ্ৰাস পাইছে। বাণিজ্য শাখাত ২০২৪বৰ্ষত উৰ্ত্তীণৰ হাৰ আছিল ৮৭.৬৬শতাংশ। ২০২৫বৰ্ষত সেই হাৰ হয় ৮২.১৮শতাংশ।