দুৰ্ভাগ্যজনক ! ছিকিমত সংঘটিত ভূমিস্খলনৰ ঘটনাত নিহত ৩ জোৱান

দুৰ্ভাগ্যজনক ! দেওবাৰে সন্ধিয়া উত্তৰ ছিকিমৰ চাটেন এলেকাত সংঘটিত ভূমিস্খলনৰ ঘটনাত ৩জন জোৱান নিহত হয়। জানিব পৰা মতে এই ঘটনাত নিৰাপত্তা বাহিনীৰ ৯জন লোক নিৰুদ্দেশ হয়। 

author-image
Asomiya Pratidin
New Update
ছিকিমত সংঘটিত ভূমিস্খলনৰ ঘটনাত নিহত ৩ জোৱান

ডিজিটেল ডেস্ক : দুৰ্ভাগ্যজনক ! দেওবাৰে সন্ধিয়া উত্তৰ ছিকিমৰ চাটেন এলেকাত সংঘটিত ভূমিস্খলনৰ ঘটনাত ৩জন জোৱান নিহত হয়। জানিব পৰা মতে এই ঘটনাত নিৰাপত্তা বাহিনীৰ ৯জন লোক নিৰুদ্দেশ হয়। 

Advertisment

উল্লেখযোগ্য যে, নিহত দুজন জোৱানক হাবিলদাৰ লক্ষৱিন্দৰ সিং, লেন্স নাইক মুনিষ ঠাকুৰ বুলি চিনাক্ত কৰাৰ লগতে আন এজন নিহতক প’ৰ্টাৰ অভিষেক লখা বুলি চিনাক্ত কৰা হৈছে। নিৰুদ্দেশ হোৱা বাকী কেইজন জোৱানৰ সন্ধানত উদ্ধাৰ অভিযান চলি আছে।

তাৰোপৰি উক্ত অঞ্চলটোৰ বিস্তৰ ক্ষতিসাধন হয় ভূমিস্খলনত। একেসময়তে সংঘটিত হোৱা বৰষুণ আৰু ভূমিস্খলনত দলং ভাঙি পৰা আৰু তিস্তা নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে লাচেন আৰু লাচুং অঞ্চলত হাজাৰৰো অধিক পৰ্যটক আবদ্ধ হৈ পৰিছে। 

ছিকিমৰ ডিজিপি অক্ষয় সাচদেৱে জনোৱা মতে, লাচুং আৰু চুংথাং চহৰত আবদ্ধ হৈ থকা ১৬৭৮ গৰাকী পৰ্যটকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। এতিয়াও লাচেনত আবদ্ধ হৈ আছে ১০০ৰো অধিক লোক। 

লগতে তেওঁ জনাই যে, ক্ষতিগ্ৰস্ত অঞ্চলত সেনাবাহিনীৰ অভিযান অব্যাহত আছে। লাচুঙত আবদ্ধ পৰ্যটকক উদ্ধাৰৰ বাবে এতিয়াও সেনা বাহিনীয়ে অভিযান চলাই থকা বুলি জানিবলৈ দিয়ে।

sikkim