বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ তিনিটা সৰবৰাহকাৰী

দুটা পৃথক অভিযানত কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিটা সৰবৰাহকাৰীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী ৰাহুল দাস, জয়দীপ দাস আৰু ছেলিম উদ্দিনক।

author-image
Asomiya Pratidin
New Update
৩ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

৩ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰ: দুটা পৃথক অভিযানত কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিটা সৰবৰাহকাৰীক। প্ৰথমে ১০ হাজাৰ নিচাজাতীয় য়াবা টেবলেটসহ ধলাইত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে। সৰবৰাহকাৰীটোৰ পৰা নগদ ১৯ হাজাৰ ৯০০ টকা আৰু এটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীটো কাটিগৰাৰ ছেলিম উদ্দিন বুলি জানিব গৈছে। 

আৰক্ষী সুত্ৰে জানিব পৰা মতে, ধলাই সমষ্টিৰ ভাগাবাজাৰৰ এলেকাৰ পৰা টেবলেট খিনি ক্ৰয় কৰি ছেলিম উদ্দিনে নৰছিংপুৰৰ দিশে গৈ আছিল। এনেতে স্থানীয় গাওঁৰক্ষী বাহিনীৰ সন্দেহ হোৱাত ছেলিম উদ্দিনৰ লগত থকা বেগটোত তালাচী চলাওতে উদ্ধাৰ হয় টেবলেট খিনি। পিছত ধলাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে জব্দ কৰে সামগ্ৰীখিনি। লগতে আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী ছেলিম উদ্দিনক। জব্দ কৰা টেবলেট খিনিৰ মুল্য প্ৰায় ৩ কোটি টকা।

আনহাতে ,শিলচৰৰ ঘুংগুৰৰ পৰাও দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত‌ লোক দুজন ৰাহুল দাস আৰু জয়দীপ দাস। সৰবৰাহকাৰী দুটাৰ পৰা হেৰ'ইন ভৰ্তি ৩৯ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে। কন্টেইনাৰ কেইটাৰ পৰা মুঠ ১৯৫ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। 

কাছাৰ শিলচৰ