জম্মু-কাশ্মীৰত আটক তিনি সন্ত্ৰাসবাদী, সন্দেহ লস্কৰ-ই-তৈবাৰ সৈতে আছে সম্পৰ্ক…

জম্মু-কাশ্মীৰত আটক তিনি সন্ত্ৰাসবাদী, সন্দেহ লস্কৰ-ই-তৈবাৰ সৈতে আছে সম্পৰ্ক…

author-image
asomiyapratidin
New Update
সুৰক্ষী কৰ্মীৰ বৃহৎ সফলতাঃ ৫ টাকৈ লস্কৰ-ই-তৈবাৰ সদস্যক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্ক : কাশ্মীৰৰ চোপোৰ জিলা আৰক্ষী, ২২ নং ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চি আৰ পি এফৰ যুটীয়া প্ৰচেষ্টাত গ্ৰেপ্তাৰ কৰা হয় তিনি সন্ত্ৰাসবাদীক।  বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে পোৱা গৈছে সন্ত্ৰাসবাদী সকলৰ সম্পৰ্ক। ইয়াৰ ওপৰিও চোপোৰ আৰক্ষীয়ে সন্ত্ৰাসবাদী কেইজনৰ পৰা উদ্ধাৰ কৰে ৩ টা গ্ৰেণেড আৰু ১২ খন পাকিস্তানী ৰাষ্ট্ৰীয় পতাকা।

Advertisment

উল্লেখ্য যে, শুক্ৰবাৰে সন্ধিয়া চোপোৰৰ বোমাই চ'কত আৰক্ষী আৰু সেনা জোৱানৰ এই যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা এই সন্ত্ৰাসবাদী কেইজন লস্কৰ-ই-তৈবাৰ পোছাকত আছিল। এই সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ ভাষ্য অনুসৰি, সন্ত্ৰাসবাদী কেইজনক শ্বাৰীক আশ্ৰাফ, চাকলিন মুশ্বতাক আৰু তৌফিক হাচান শ্বেইখ বুলি চিনাক্ত কৰা হৈছে।

প্ৰাৰম্ভিক অনুসন্ধানত সন্ত্ৰাসবাদী কেইজনে সেনা জোৱান আৰু নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱাৰ সুযোগ বিচাৰি ফুৰা জানিব পৰা গৈছে।

আৰু পঢ়ক : আজি প্ৰধান মন্ত্ৰীয়ে উদ্বোধন কৰিব 'অটল দলং'

kashmir terrorist indian army