/asomiyapratidin/media/media_files/2025/05/08/a0xM3r1j6IQqqKWlxtwG.png)
ডিজিটেল সংবাদ, পাটাছাৰকুছি : পাটাছাৰকুছিস্থিত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ শৈক্ষিক উপদেষ্টা ড০ হোমেশ্বৰ দাসৰ পৃষ্ঠপোষকতাত অণু শিক্ষণৰ সন্দৰ্ভত তিনিদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাখনি ৮ মে’ৰ পৰা তিনিদিনীয়াকৈ মহাবিদ্যালয়খনৰ ডি. এল. এড. দ্বিতীয় ষান্মাসিকৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলৰ শিক্ষণ দক্ষতা বিকাশৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ডিজিটেল কক্ষত আৰম্ভ কৰা হৈছে।
মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ধ্ৰৱজিৎ অধিকাৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ নৱ নিযুক্ত অধ্যক্ষ ড০ কিশোৰ কুমাৰ ৰয়ে। উক্ত কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংবাদিক আমিনুল হকে।
হকে কয় যে, শিক্ষক -প্ৰশিক্ষাৰ্থীসকলে ভৱিষ্যতে একো একোজন সফল শিক্ষক হ'বলৈ হ'লে জ্ঞান অৰ্জনৰ লগতে বিভিন্ন কৌশল আয়ত্ব কৰিব লাগিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক নৱকান্ত কলিতাই কয়- প্ৰকৃত শিক্ষক হ’বলৈ হ’লে অকল মেধা থাকিলে নহ’ব। শিক্ষণ প্ৰক্ৰিয়াৰ বিভিন্ন কৌশলসমূহ ভালদৰে আয়ত্ব কৰি লৈ নিজকে পাৰদৰ্শী কৰি তুলিব লাগিব।
অনুষ্ঠানত মহাবিদ্যালয়খনৰ নৱ নিযুক্ত অধ্যক্ষ ড০ কিশোৰ কুমাৰ ৰয়ে কৰ্মশালাখনৰ গুৰুত্বৰ ওপৰত আৰু উপাধ্যক্ষ ড০ চন্দনা দেৱীয়ে মুখ্য সমল ব্যক্তি হিচাপে এক ফলপ্ৰসূ, সুপৰিচালিত আৰু সুনিয়ন্ত্ৰিত প্ৰশিক্ষণ ব্যৱস্থা হিচাপে অনুশিক্ষণ পদ্ধতিৰ দ্বাৰা শিক্ষক প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ ব্যক্তিগত দক্ষতা প্ৰকাশৰ সুযোগ লাভ কৰে বুলি বক্তব্য প্ৰদান কৰে ।
অনুষ্ঠানত আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ কৃষ্ণা তালুকদাৰে অণু শিক্ষণৰ সম্পৰ্কে দুষাৰ কথা উল্লেখ কৰে। লগতে সকলোকে ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়ায়।
কৰ্মশালাখনত মুখ্য সমল ব্যক্তি হিচাপে ভাগ লয়- ড০ চন্দনা দেৱী, ড০ কৃষ্ণা তালুকদাৰ, ধ্ৰুৱজিৎ অধিকাৰী, নবজিৎ দাস, দৰ্পণ অলেমান আৰু পিংকি চৌধুৰীয়ে। কৰ্মশালাত সকলো শিক্ষক- প্ৰশিক্ষাৰ্থী আৰু শিক্ষক - শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।