/asomiyapratidin/media/media_files/2025/01/04/3hXqr87lwuXOymxkXLCw.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে আঞ্চলিক কৃষি মেলা । অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ মুখ্য পৃষ্ঠপোষকতাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মেলাৰ উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।
বিশ্ববিদ্যালয়ৰ মুল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত বক্তব্যত কৃষি মন্ত্ৰী বৰাই কয় যে কৃষিক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান আছে । সেয়ে কৃষকৰ স্বাৰ্থৰ বাবে চিন্তা কৰা হৈছে আৰু কৃষকক উপকৃত কৰাৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। লাহে লাহে কৃষিক্ষেত্ৰত পৰিবৰ্তন হ'বলৈ আগবাঢ়িছে আৰু অন্যান্য ক্ষেত্ৰত জড়িত সকলেও কৃষিক্ষেত্ৰত জড়িত হ'বলৈ আগবাঢ়ি আহিছে ।
বিগত সময়চোৱাত বহু কোটি টকাৰ মূল্যৰ কৃষি সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি উল্লেখ কৰি কয় যে কৃষকক লাভাৱান্বিত কৰাৰ বাবে সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। কৃষি বাণিজ্য সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতি সলনি কৰিব লাগিব।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণত কৃষিক্ষেত্ৰত সামগ্ৰিক পৰিবৰ্তন ঘটাই কৃষি কৃষক আৰু ইয়াৰ লগত জড়িত সকলোৰে মানদণ্ড উন্নত কৰিব লাগিব বুলি উল্লেখ কৰে। সঠিক উৎপাদনৰ বাবে সঠিক বীজ আৰু ব্যৱস্থাপনাৰ অতি প্ৰয়োজনীয় বুলি মত পোষণ কৰে।
অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সৰিয়হ আৰু ৰেপচিড গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড: পি কে ৰায়ে কয় যে উত্তৰ পূবৰ কৃষিক্ষেত্ৰত অপাৰ সম্ভাৱনা আছে ।আৱন্টিত ধনৰ সদব্যৱহাৰ কৰি কৃষকৰ মাজলৈ যাব পাৰিলে এই দিশত লাভাৱান্বিত হ'ব পৰা যাব বুলি উল্লেখ কৰি এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমিকাৰ শলাগ লয়।
সাংসদ কামাখ্যা প্ৰসাদ তাছাই বক্তব্যত দাম কমিবলৈ পৰ্যাপ্ত খেতি কৰিব লাগিব বুলি উল্লেখ কৰি কয় যে কৃষি যান্ত্ৰিকীকৰণৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। সেয়ে যান্ত্ৰিকীকৰণৰ সমানে কৃষি গৱেষণাক পথাৰলৈ নিব পাৰিলে আমাৰ লাভ হ'ব ।
অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: মনোৰঞ্জন নেওগে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত মেলা উপলক্ষ্যে প্ৰকাশিত স্মৃতিগ্ৰন্থৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত উত্তৰ পূবৰ ৰাজ্য কেইখনৰ নিৰ্বাচিত ৫জন কৃষকক সম্বৰ্ধনা জনোৱা হয়।
এই অনুষ্ঠানৰ পাছতে আই চি আৰ ফাৰ্মত অনুষ্ঠিত মেলাৰ দ্বাৰ মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, কৃষি বিজ্ঞান গুৰু ড: প্ৰসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া, পশু চিকিৎসা গৱেষণা সঞ্চালক ড: প্ৰবোধ বৰা, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড: অনুপ কুমাৰ দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড: বিনয় কুমাৰ মেধি,মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড: প্ৰদীপ ভূঞা,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ, সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া,সামুহিক বিজ্ঞান গুৰু ড: মামণি দাস , প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক অধ্যাপিকা সকল, গৱেষক বিজ্ঞানী সকল, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সকলৰ লগতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।
আৰম্ভণিৰ দিনাই মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা উৎপাদিত "AAU Select" ব্ৰেণ্ডৰ সামগ্ৰীসমূহে ব্যাপক সমাদৰ লাভ কৰে। উল্লেখ্য যে ৪-৬ জানুৱাৰীলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদৰ আই চি আৰ ফাৰ্মত অনুষ্ঠিত হ’বলগীয়া এই মেলাত অসমৰ লগতে উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কৃষক,কৃষি উদ্যোগী, আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাৰ প্ৰতিনিধিৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।
অনুষ্ঠানত কৃষি প্ৰদৰ্শনী,কৃষিজাত প্ৰযুক্তিৰ প্ৰদৰ্শন,কৃষকৰ প্ৰশিক্ষণ, কৃষিভিত্তিক প্ৰতিযোগিতা,কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতা, কৃষি সম্পৰ্কীয় আলোচনা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।