/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত হাটশিঙিমাৰী জিলা আৰক্ষীয়ে ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই তিনি ছাইবাৰ অভিযুক্তক আটক কৰে। ধৃত ছাইবাৰ অভিযুক্ত কেইজনক ফকিৰগঞ্জ থানা এলেকাৰ আছাদুল ইছলাম (২৫), হাছানুৰ জামান (২৮) আৰু কোবাদ আলী মোল্লা(২৮) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে তেওঁলোকে ব্যৱহাৰ কৰা ৬ টা মোবাইল ফোন, তিনিটা লেপটপসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। উল্লেখযোগ্য যে, গোপন সূত্ৰৰ ভিত্তিত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীৰ দলে ফকিৰগঞ্জত অভিযান চলাই এই সফলতা লাভ কৰে যদিও ইতিমধ্যে মূল অভিযুক্ত হেকমত আলী পলায়ন কৰিছে।
ছাইবাৰী অপৰাধী চক্ৰটোই জিলাখনৰ লগতে চুবুৰীয়া মেঘালয়ৰ বিভিন্ন প্ৰান্তত জাল পাতি প্ৰায় ২ সহস্ৰাধিক লোকক ভুৱা ক্ৰিপ্টো কাৰেঞ্চি এপত বিনিয়োগ কৰিবলৈ প্ৰলোভন দিছিল। এই ভুৱা ক্ৰিক্টো কাৰেঞ্চিত বিনিয়োগ কৰা সকলে মাহেকত মূলধনৰ ২ শতাংশকৈ পাই থকাৰ লগতে অনলাইন গেমৰ জৰিয়তেও লাখ লাখ টকা উপাৰ্জন কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
ইতিমধ্যে অপৰাধী চক্ৰটোৱে প্ৰায় ২০ কোটি টকা লুণ্ঠন কৰাৰ পাচত এইদৰে হাটশিঙিমাৰী জিলা আৰক্ষীয়ে চক্ৰটোৰ তিনিজনক গ্ৰেপ্তাৰ কৰে। বিষয়টোক লৈ আজি জিলা আৰক্ষীয়ে এক সংবাদমেলৰ আয়োজন কৰি সাধাৰণ লোকক এনে ভুৱা বিনিয়োগৰ পৰা বিৰত থকাৰ আহ্বান জনায়।
লক্ষণীয় যে, এই ভুৱা ক্ৰিপ্টো কাৰেঞ্চিৰ ছাইবাৰ অপৰাধত চীনৰ দুষ্টচক্ৰ জড়িত হৈ থকা বুলি জিলা আৰক্ষী অধীক্ষক হৰেণ টকবী আৰু সংবাদমেলত উপস্থিত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসে জানিবলৈ দিছে।