কংগ্ৰেছৰ তিনিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি বিজেপিত যোগদান

নদুৱাৰ সমষ্টিৰ পঞ্চায়তৰ আসনত এশ শতাংশ বিজেপি সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ৷ বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ মনোনীত তিনিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগদান কৰে ৷

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ প্ৰাৰ্থীৰ বিজেপিত যোগদান

কংগ্ৰেছ প্ৰাৰ্থীৰ বিজেপিত যোগদান

ডিজিটেল ডেস্ক, জামুগুৰিহাট : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলৰ বাবে আন এক মোক্ষম আঘাত। নদুৱাৰ সমষ্টিৰ পঞ্চায়তৰ আসনত এশ শতাংশ বিজেপি সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় ৷ বৃহস্পতিবাৰে কংগ্ৰেছ দলৰ মনোনীত তিনিগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি বিজেপি দলত যোগদান কৰে ৷ নতুনকৈ বিজেপি দলত যোগদানকাৰী সকলক বিধায়ক পদ্ম হাজৰিকাই দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰণি জনায়৷ 

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী কেইগৰাকী হ'ল ক্ৰমে চাৰিদুৱাৰ জিলা পৰিষদৰ পুষ্পা ছেত্ৰী, জামুগুৰি জিলা পৰিষদৰ দেৱাশিষ শইকীয়া আৰু মূঢ়াদল জিলা পৰিষদৰ ববিতা ভট্টৰায় ৷ মনোনয়ন প্ৰত্যাহাৰ কৰি কংগ্ৰেছ দলৰ নেতা-কৰ্মীক তুলাধুনা দিয়ে জিলা পৰিষদৰ প্ৰাৰ্থীসকলে৷

পদ্ম হাজৰিকা অসম বিজেপি বিজেপি কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত