মেঘালয় সীমান্তত ৭ দিন ধৰি আৱদ্ধ‌ হাজাৰ হাজাৰ মালবাহী ট্ৰাকঃ তীব্ৰ খাদ্য সংকটত চালক, হেণ্ডিমেন

কাছাৰৰ গেমন সেতুৰ মেৰামতি আৰু ভাঙ্গাৰপাৰৰ হাৰাং ব্ৰিজ ভাঙি পৰাৰ ফলত এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাসহ চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা।

author-image
Asomiya Pratidin
New Update
মেঘালয় সীমান্তত ৭ দিন ধৰি আৱদ্ধ‌ হাজাৰ হাজাৰ মালবাহী ট্ৰাকঃ তীব্ৰ খাদ্য সংকটত চালক, হেণ্ডিমেন

ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ গেমন সেতুৰ মেৰামতি আৰু ভাঙ্গাৰপাৰৰ হাৰাং ব্ৰিজ ভাঙি পৰাৰ ফলত এক প্ৰকাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকাসহ চুবুৰীয়া ৰাজ্য মনিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা। অৱশ্যে, সৰু যানবাহন, নৈশ বাছ আৰু ১০ টনতকৈ কম সামগ্ৰী কঢ়িওৱা‌ মালবাহী ট্ৰাকসমূহক ভাঙ্গাপাৰৰ কাষেৰে এটি গড়কাপ্তানী পথেৰে যোৱাৰ ব্যৱস্থা কৰিছে কাছাৰ জিলা প্ৰশাসনে।‌ 

Advertisment

কিন্তু ১০ টনতকৈ বেছি ওজনৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহক বৰাক উপত্যকাত প্ৰৱেশৰ অনুমতি দিয়া নাই প্ৰশাসনে।‌ফলত মেঘালয় সীমান্তৰ‌‌ ৰাতাছেৰা,  মালিডহৰ আৰু দিগৰখালত হাজাৰ হাজাৰ মালবাহী ট্ৰাক আৱদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে।

বিগত ৭ দিন ধৰি ট্ৰাক সমূহ আৱদ্ধ হোৱাত ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনসকল। খাদ্য আৰু খোৱা পানীৰ‌ সংকটত ভূগিছে চালক আৰু হেণ্ডিমেনসকল। 

পকেটত থকা টকা, পইচা শেষ হোৱাত একাংশ চালক হেণ্ডিমেনে অনাহাৰে দিন কটাবলগীয়া হৈছে। এক কথাত দুখ, দুৰ্গতি কুলাই পাচিয়ে নধৰা হৈছে  হাজাৰ হাজাৰ চালক, হেণ্ডিমেনৰ। 
তদুপৰি, নিশাৰ অন্ধকাৰৰ সুবিধা লৈ একাংশ দুস্কৃতিকাৰীয়ে ট্ৰাকৰ‌ বেটাৰী আৰু চালকসকলৰ মোবাইল ফোন চুৰি কৰা বুলি অভিযোগো উত্থাপন কৰিছে চালক সকলে। এনে পৰিস্থিতিত ট্ৰাক সমূহক গন্তব্যস্থলীলৈ যোৱাৰ‌ ব্যৱস্থা কৰি দিবলৈ অথবা চালক, হেণ্ডিমেনকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে চালক সকলে।

কাছাৰ বৰাক উপত্যকা