ৱাকফ আইনৰ বিৰুদ্ধে কাছাৰত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক

ৱাকফ সংশোধনী বিল আইনত পৰিণত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে বৰাক উপত্যকাত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। এই আইন বাতিলৰ দাবীত বুধবাৰে কাছাৰ জিলাৰ কাটিগৰাত কেইবা হাজাৰ মুছলমান লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
কাছাৰত প্ৰতিবাদ

কাছাৰত প্ৰতিবাদ

ডিজিটেল সংবাদ শিলচৰ: ৱাকফ সংশোধনী বিল আইনত পৰিণত হোৱাৰ পিছত এই আইনৰ বিৰুদ্ধে বৰাক উপত্যকাত গৰজি উঠিছে হাজাৰ হাজাৰ মুছলমান লোক। এই আইন বাতিলৰ দাবীত বুধবাৰে কাছাৰ জিলাৰ কাটিগৰাত কেইবা হাজাৰ মুছলমান লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

কাটিগৰাৰ কলাছৰী, তিনটিকৰি, কান্দিগ্ৰাম, বুৰুঙ্গা, গেন্ডামাৰা, ছৰিছাকুৰি আদি ৬ খন  গাঁৱৰ কেবা হাজাৰলোকে কান্দিগ্রাম চাৰিআলিৰ পৰা প্ৰায়  ৪ কি:মি: পথ সমদল কৰি মোহনপুৰ বজাৰত উপস্থিত হয়। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদী সকলে "এই আইন আমি নামানো","মছজিদ, কবৰস্থান, মাদ্ৰাছা, ঈদগাহ ৰ সম্পত্তি দখলৰ অপচেষ্টা নামানো" আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰে প্ৰতিবাদীয়ে।

 ইফালে, এই প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। মোতায়েন কৰা হয় অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ন বাহিনী। বিক্ষোভৰ পিচত কাটিগৰাৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ উদ্দেশ্য এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

শিলচৰ ৱাকফ সংশোধনী বিধেয়ক ৱাকফ