বাবৰ- ৰিজৱানক একাষৰীয়া কৰি পাকিস্তান ক্ৰিকেট দলৰ নতুন অধিনায়ক নিযুক্তিৰ চিন্তা

বাবৰ আজম, মহম্মদ ৰিজৱানৰ ওপৰত আস্থা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ! সেয়ে টেষ্ট, এদিনীয়া আৰু টি-২০ সংস্কৰণৰ বাবে নতুন অধিনায়ক নিযুক্তিৰ চিন্তা- চৰ্চা কৰিছে পাক ব’ৰ্ডে। 

author-image
Asomiya Pratidin
New Update
pcb

ডিজিটেল ডেস্ক : বাবৰ আজম, মহম্মদ ৰিজৱানৰ ওপৰত আস্থা নাই পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ ! সেয়ে টেষ্ট, এদিনীয়া আৰু টি-২০ সংস্কৰণৰ বাবে নতুন অধিনায়ক নিযুক্তিৰ চিন্তা- চৰ্চা কৰিছে পাক ব’ৰ্ডে। 

Advertisment

দলটোৰ শেহতীয়া প্ৰদৰ্শনে পি চি বিৰ কাৰ্যকৰ্তা তথা প্ৰাক্তন ক্ৰিকেটাৰসকলৰ নিৰাশ কৰাৰ পৰিপ্ৰেক্ষিত নতুন অধিনায়ক নিযুক্তিৰ পোষকতা কৰে ব’ৰ্ডে। অধিনায়ক নিযুক্তি সন্দৰ্ভত আন আন বিষয়ববীয়াৰ সৈতে লাহোৰত এক বৈঠকত মিলিত হয় প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদ আৰু ছিকন্দৰ বখটক।

এই বৈঠকত পাকিস্তান এদিনীয়া দলৰ পূৰ্বৰ অধিনায়ক মহম্মদ ৰিজৱানক আঁতৰাই ছলমান আলী আঘাক নিযুক্তি দিয়াৰ চিন্তা কৰিছে ব’ৰ্ডে। আঘা বৰ্তমানেও টি-২০ দলক নেতৃত্ব প্ৰদান কৰি আছে। কেৱল ইমানেই নহয়, ছলমান আলী আঘাক তিনিওটা ফৰ্মেটৰ নিয়মীয়া অধিনায়ক হিচাপে নিযুক্তি দিয়াৰো পোষকতে কৰে বৈঠকত।

PAK CRICKET BOARD