Advertisment

সনাতনী পৰম্পৰাক বিশ্বাস নকৰা সকলে কুমম্ভমেলা লৈ নাহিলে ভাল পাম : যোগী আদিত্য নাথ

সমাগত ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ব মহাকুম্ভমেলা। এই মেলা লৈ আগমণ ঘটিব দেশী- বিদেশী অগণন ভক্ত তথা দৰ্শনাৰ্থীৰ। পিছে মহাকুম্ভমেলাৰ প্ৰাকক্ষণত দেখা দিছে এক বিতৰ্কই। 

author-image
Asomiya Pratidin
New Update
সনাতনী পৰম্পৰাক বিশ্বাস নকৰা সকলে কুমম্ভমেলা লৈ নাহিলে ভাল পাম : যোগী আদিত্য নাথ

সনাতনী পৰম্পৰাক বিশ্বাস নকৰা সকলে কুমম্ভমেলা লৈ নাহিলে ভাল পাম : যোগী আদিত্য নাথ

ডিজিটেল ডেস্ক : সমাগত ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হ’ব মহাকুম্ভমেলা। এই মেলা লৈ আগমণ ঘটিব দেশী- বিদেশী অগণন ভক্ত তথা দৰ্শনাৰ্থীৰ। পিছে মহাকুম্ভমেলাৰ প্ৰাকক্ষণত দেখা দিছে এক বিতৰ্কই। 

Advertisment

ইছলামধৰ্মী লোকসকলৰ প্ৰৱেশকলৈ সৃষ্টি হৈ এই বিতৰ্কৰ। ইয়াৰ উপৰি কুম্ভমেলাত তেওঁলোকে দোকান- পোহাৰ দিব পাৰিব নে নাই তাক লৈও বিভিন্ন মহলত সৃষ্টি হৈছে ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ।

এনে সময়তে বিতৰ্কৰ বিষয় সম্পৰ্কত মুখ খুলিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। ধৰ্ম সংসাদ শীৰ্ষক এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতবোৰ মন্তব্য কৰিছে। ভাৰতীয় সংস্কৃতিক সন্মান জনোৱা আৰু সনাতনী পৰম্পৰাক বিশ্বাস কৰা লোকসকলকহে কুম্ভমেলা লৈ আদৰণি জনোৱা হ’ব। ঠেক আৰু সংকুচিত মনোবৃত্তিৰ লোকসকল এই মেলা লৈ নাহিলে সুখী হ’ম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

মনত ভক্তি ভাব আৰু সনাতনী পৰম্পৰাৰ ওপৰত আস্থা আৰু বিশ্বাস লৈ অহা সকলো লোককে এই মেলা লৈ স্বাগতম জনাইছো। লগতে তেওঁ এই কথাও প্ৰসংক্ৰমে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ চৰকাৰে বসুধৈব কুটুম্বকম দৃষ্টিভংগী আগত ৰাখি এই মেলা লৈ জাতি- ধৰ্ম – বৰ্ণ নিৰ্বিশেষে সকলোকে এই মেলা লৈ আমন্ত্ৰণ জনাইছে।  কিন্তু যিয়ে এই মেলাৰ অহিত চিন্তা কৰে অথবা পৰিৱেশ বিনষ্ট কৰাৰ মানসিকতাৰে মেলা লৈ আহে, তেনে লোককৰ প্ৰতি কোনো আস্থা নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰে।

yogi aditya nath মহা কুম্ভ মেলা