বিদ্যুতৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী-ৰজনীকান্তৰ...

বিদ্যুতৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী-ৰজনীকান্তৰ...

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ বাবেই বিয়া ভাগিছিল শ্ৰীদেৱী-ৰজনীকান্তৰ...

ডিজিটেল ডেস্কঃ বলিউদৰ চিৰসেউজ অভিনেত্ৰী প্ৰয়াত শ্ৰীদেৱীৰ অনুৰাগীৰ সংখ্যা এতিয়াও কমা নাই। হিন্দী চিনেমাজগতৰ বহু নামী-দামী অভিনেতাৰ সৈতে কাম কৰা শ্ৰীদেৱীৰ প্ৰেমত পৰিছিল এগৰাকী ছুপাৰষ্টাৰ। জানেনে সেই ছুপাৰষ্টাৰগৰাকী কোন?

Advertisment

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, শ্ৰীদেৱীৰ প্ৰেমত গভীৰভাৱে পৰিছিল ৰজনীকান্ত। ৰজনীকান্তৰ সৈতে প্ৰায় ১৯খন ছবিত কাম কৰিছিল শ্ৰীদেৱীয়ে। এই সময়চোৱাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। জানি আচৰিত হব যে, ১৩বছৰ বয়সতে ৰজনীকান্তৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছিল শ্ৰীদেৱীয়ে।

এনেদৰেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কক বিয়াৰ নাম দিয়াৰ বাবে ৰজনীকান্তে এদিন শ্ৰদেৱীক বিবাহৰ প্ৰস্তাৱ দিছিল। শ্ৰীদেৱীৰ বয়স তেতিয়া আছিল মাত্ৰ ১৬বছৰ। শ্ৰীদেৱীয়ে বিয়াৰ সন্দৰ্ভত সকলো কথা ঘৰৰ সৈতে পাতিবলৈ কৈছিল ৰজনীকান্তক।

বিয়াৰ কথা পাতিবলৈ ৰজনীকান্ত গৈছিল শ্ৰীদেৱীৰ বলচন্দৰস্থিত ঘৰলৈ। সেই দিনা আছিল শ্ৰীদেৱীৰ নতুন ঘৰত গৃহপ্ৰবেশ। কিন্তু ভাগ্য হয়তো সুপ্ৰসন্ন নাছিল শ্ৰীদেৱী-ৰজনীকান্তৰ সম্পৰ্কৰ ওপৰত। ৰজনীকান্ত যেতিয়া শ্ৰীদেৱীৰ ঘৰত গৈ উপস্থিত হৈছিল তেতিয়াই গুচি হৈছিল শ্ৰীদেৱীৰ ঘৰৰ কাৰেন্ট।

এনে কাৰ্যৰ বাবে ৰজনীকান্তে ভাৱিলে যে, নতুন এটা সম্পৰ্ক আৰম্ভ কৰিবলৈ লওঁতেই কাৰেন্ট গুছি যোৱাটো অশুভ সংকেত। সেয়েহে ৰজনীকান্তে শ্ৰীদেৱীৰ ঘৰত কাকো একো নোকোৱাকৈ উভতি আহিল। আৰু তেতিয়াৰ পৰাই শ্ৰীদেৱী আৰু ৰজনীকান্তৰ সম্পৰ্ক সিমানতে ইতি পৰিল।

শ্ৰীদেৱী ৰজনীকান্ত