হোৱাটছএপ ব্যৱহাৰকাৰীলৈ সুখবৰ, ষ্টেটাছ দিওতে লাভ কৰিব এই নতুন সুবিধা…

হোৱাটছএপ ব্যৱহাৰকাৰীলৈ সুখবৰ, ষ্টেটাছ দিওতে লাভ কৰিব এই নতুন সুবিধা…

author-image
asomiyapratidin
New Update
হোৱাটছএপ ব্যৱহাৰকাৰীলৈ সুখবৰ, ষ্টেটাছ দিওতে লাভ কৰিব এই নতুন সুবিধা…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আৰম্ভণিতে ফেচবুকে হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ সৈতে সংযুক্ত হোৱাৰ ঘোষণা কৰিছিল। শেহতীয়াকৈ এই পদক্ষেপৰ আৰম্ভণিস্বৰূপে এতিয়া হোৱাটছএপ এণ্ড্ৰ'ইড ব্যৱহাৰকাৰীসকলে চিধাই তেওঁলোকৰ ষ্টেটাছ ফেচবুকত শ্বেয়াৰ কৰিব পাৰিব বুলি জনাইছে ফেচবুকে।

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামৰ পোষ্টসমূহ ফেচবুকত পোষ্ট কৰাৰ সুবিধা থাকিলেও ইয়াৰ সৈতে এতিয়া নতুনকৈ সংযুক্ত হৈছে হোৱাটছএপৰো নাম। ইনষ্টাগ্ৰামৰ দৰেই হোৱাটছএপৰো ষ্টেটাছ ব্যৱহাৰকাৰীয়ে ফেচবুকত শ্বেয়াৰ কৰাৰ সুবিধা লাভ কৰিব। পৰীক্ষামূলকভাৱে চলিত বৰ্ষৰ জুন মাহত হোৱাটছএপ এণ্ড্ৰইড বিটা প্ৰগ্ৰামৰ অধীনত কিছু নিৰ্বাচিত ব্যৱহাৰকাৰীক এই সুবিধা প্ৰদান কৰিছিল ফেচবুকে। পৰীক্ষামূলক ব্যৱহাৰত এই পদক্ষেপ সফল হোৱাত এতিয়া এই সুবিধা হোৱাটছএপৰ লেটেষ্ট ষ্টেবল ভাৰ্জনৰ জৰিয়তে ব্যৱহাকৰীৰ বাবে মুকলি কৰি দিয়া হৈছে।

কেনেকৈ লাভ কৰিব হোৱাটছএপৰ এই নতুন সুবিধাঃ

এই সুবিধা লাভ কৰিবলৈ হ'লে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰথমে লেটেষ্ট ষ্টেবল ভাৰ্জন ডাউনল'ড কৰি 'মাই ষ্টেটাছ' অপশ্যনত যাব লাগিব। তাৰ পিছত যিটো ষ্টেটাছ শ্বেয়াৰ কৰিব বিচাৰে সেই ষ্টেটাছটোৰ সোঁফালে ওপৰত থকা 'হেমবৰ্গ' আইকনত ক্লিক কৰিব লাগিব। তাত গৈ 'শ্বেয়াৰ টু ফেচবুক' অপশ্যনত ক্লিক কৰিলে ব্যৱহাৰকাৰীয়ে ডিফল্ট প্ৰাইভেচি চেটিংছৰ সৈতে ফেচবুকৰ প্ৰফাইল ফটোখন দেখা পাব।

ষ্টেটাছ শ্বেয়াৰ কৰাৰ পূৰ্বে ব্যৱহাৰকাৰীয়ে 'পাব্লিক', 'ফ্ৰেণ্ডছ এণ্ড কানেকশ্যন', 'ফ্ৰেণ্ডছ', কাষ্টম অথবা 'হাইড ষ্টৰী'ৰ যিকোনো এটা বাচনি কৰি শ্বেয়াৰ নাও অপশ্যনত ক্লিক কৰিলেই হোৱাটছএপ ষ্টেটাছটো ফেচবুকৰ ষ্ট'ৰীত শ্বেয়াৰ হ'ব। এই ষ্টৰী ফেচবুকত ২৪ ঘণ্টাৰ বাবে থাকিব। আনহাতে ফেচবুকত এবাৰ শ্বেয়াৰ কৰাৰ পিছত হোৱাটছএপৰ পৰা অৰিজিনিলে ষ্টেটাছটো ডিলিট কৰিলেও ফেচবুকত সেয়া থাকি যাব।

গুৰুত্বপূৰ্ণ কথাটো হ'ল- ফেচবুকত শ্বেয়াৰ কৰা এই হোৱাটছএপ ষ্টৰী ফেচবুকত ষ্ক্ৰীণশ্বটৰ দৰে দেখা পাব ব্যৱহাৰকাৰীয়ে। যাৰ ফলত যদি হোৱাটছএপৰ কোনো লিংক ষ্টেটাছ ফেচবুকত শ্বেয়াৰ কৰা হয়, তেন্তে তাত ব্যৱহাৰকাৰীয়ে লিংকটোত ক্লিক কৰিব নোৱাৰিব।