/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7adea2fc-eba9-445f-8d59-c0a01e806a28/lokmanthan_21.jpg)
lokmanthan
ডিজিটেল ডেস্কঃ বছৰজোৰা প্ৰস্তুতিৰ অন্তত অৱশেষত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন 'প্ৰজ্ঞা প্ৰৱাহ'ৰ মানস সন্তান বহু প্রত্যাশিত লোকমন্থন অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ। দেওবাৰে সন্ধিয়া ৫ বজাত প্ৰদর্শনী তথা সাংস্কৃতিক সন্ধিয়াৰ আনুষ্ঠানিক উদ্বোধন কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b92cbdb5-44d4-45a7-8be1-ea4af4730d6f/9f3b52ae_5ff9_4cfc_a445_e53efa04bf60.jpg)
মন্ত্ৰী বৰাৰ সৈতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সদস্য তথা মণিপুৰৰ মহাৰাজা চানাজাওবা লেইচেম্বা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংক দাস কলিতা। বিগত সংস্কৰণ কেইটাৰ জৰিয়তে দেশৰ বৌদ্ধিক মহলত লোকপ্ৰিয় হৈ পৰা লোকমন্থন ২০২২ৰ আৰম্ভণিৰ অনুষ্ঠানেও উপস্থিত অতিথিসকলক আহ্লাদিত কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d4361587-36ea-4b0d-a5fa-613caa5f77f5/5f7adfc5_4991_4a72_a0d0_d944b9b2e0d0.jpg)
'লোকপৰম্পৰা'ক মুখ্য বিষয়বস্তু হিচাপে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই)ৰ উদ্যোগত অসম পর্যটন উন্নয়ন নিগমৰ সহযোগিতাত লোকমন্থন ২০২২ অনুষ্ঠিত কৰা হৈছে। উক্ত বৰ্ষৰ অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ প্ৰান্তে প্রান্তে সঞ্চিত হৈ থকা সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদসমূহৰ অন্বেষণত গুৰুত্ব প্ৰদান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4bd2aead-f9b1-4239-9a25-939228cf1575/e2585b1e_93f7_4867_b93a_64eca9ad463e.jpg)
অনুষ্ঠানস্থলীত আয়োজন কৰা প্ৰদৰ্শনীৰ বিষয়বস্তু ৰাজ্য তথা দেশৰ সাংস্কৃতিক সম্পদসমূহৰ নিদৰ্শন দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে। আহোম ৰাজত্বৰ গৌৰৱ ৰংঘৰ, ভাৰতবৰ্ষতে বন্দিত শক্তিপীঠ কামাখ্যা আৰ্হিৰ গৃহ অতি আকর্ষণীয় ভাৱে সাজি উলিওৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/38ba9005-ef68-4d16-8b1f-f1aa7e200dfd/c0f98b21_4174_44af_bced_1e26c0e7838e.jpg)
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ (আই জি এন চি এ) উদ্যোগত উত্তৰ-পূবৰ বিভিন্ন স্থাপত্যৰ লগতে বস্ত্ৰ আদিৰ প্ৰদৰ্শন কৰা হৈছে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জনজাতীয় বীৰসকলৰ ভূমিকা সংলগ্ন এলানি ফটো সম্বলিত তথ্যই পাহৰণিৰ গৰ্ভলৈ যোৱা এই মহান যোদ্ধাসকলক সোঁৱৰিবলৈ অৱকাশ দিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0166b1e4-6a93-4bad-80f0-f7802a0ed71c/8bc5262e_a133_4478_b9ee_ffc313d6a6fe.jpg)
পৰম্পৰাগত গাঁৱৰ আৰ্হি প্ৰস্তুতকৰণৰ লগতে বিভিন্ন খাদ্য সম্ভাৰ আৰু বস্ত্ৰ বিপণীৰ ব্যৱস্থাও কৰা হৈছে।উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভণি হয় উত্তৰ-পূৰ্বাঞ্চলৰ ঢোলৰ ঐক্যতান আৰু ত্ৰিৱেণী বুজৰবৰুৱাৰ দ্বাৰা পৰিৱেশিত দীপ মন্ত্ৰৰ দ্বাৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/17d450b9-5582-49ff-a808-295994b70412/0991cf1b_7341_42c8_9066_da0dcf6121d0.jpg)
আজিৰ অনুষ্ঠানৰ মুখ্য আকৰ্ষণ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান ত্ৰিৱেণী বুজৰবৰুৱাৰ বৰগীতৰ জৰিয়তে মুকলি কৰা হয়। এন ই জেড চি চিয়ে প্রযোজনা কৰা 'কালাৰছ অৱ নৰ্থ-ইষ্ট' শীর্ষক নৃত্য প্রদর্শনে উত্তৰ-পূৰ্বাঞ্চলৰ বাৰে ৰহনীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/126eb1d9-f6d7-4f3a-be58-e4bac17ba1be/8ac3e3b8_ccdc_4ea2_b49b_a0b2e1ebd0ba.jpg)
ড° প্ৰসন্ন গগৈৰ তত্বাৱধানত আয়োজিত এই নৃত্যবৈভৱ উত্তৰ-পূৰ্বাঞ্চলৰ বাৰে ৰহনীয়া সংস্কৃতিৰ অপূৰ্ব প্ৰকাশ। অৰুণাচলৰ নিচি জনগোষ্ঠীৰ পৰম্পৰাগত ৰিখ'ম পাড়া নৃত্য, অসমৰ বিহু নৃত্য, বড়োসকলৰ পৰম্পৰাগত শস্য চপোৱা উৎসৱৰ নৃত্য বাৰদৈ-চিখলা, ৰাভাসকলৰ কৃষিভিত্তিক হামজাৰ নৃত্য, কাৰ্বি কৃষি নৃত্য দ'মাহী কিকান, মিচিং জনগোষ্ঠীৰ প্ৰধান কৃষি নৃত্য গুমৰাগ, চাহ জনগোষ্ঠীয় সকলৰ ঝুমুৰ নৃত্য, মণীপুৰৰ অনবদ্য ধ্রুপদী পুং চালন নৃত্য, লোক নৃত্য ঢাল চলাক চলাম, সমৰ কলা নৃত্য থাং-টা, মেঘালয়ৰ গাৰোসকলৰ কৃষিভিত্তিক ৱাংগালা উৎসৱ, মিজোৰামৰ পৰম্পৰাগত বাঁহ নৃত্য চেৰাউ, নাগালেণ্ডৰ ছাকেছাং চিকেন নৃত্য, চিকিমৰ লোকনৃত্য চিংঘী চাম আৰু ত্ৰিপুৰাৰ হুজাগিৰি নৃত্যৰ সমন্বয়ে মঞ্চ উজলাই তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b2cf90df-19d5-4934-9c90-4099a91c9910/24958353_a6d5_4d81_a4af_f95ec7722f28.jpg)
সাংস্কৃতিক সন্ধিয়াটিক জীৱন্ত কৰি তোলে অসমৰ জনপ্রিয় গায়ক নীল আকাশ আৰু মণিপুৰৰ লোক শিল্পীৰ দল মাংকা লাইহুইৰ সন্মোহনী সংগীতে। লোকমন্থন ২০২২ এ উত্তৰ-পূবৰ বাৰে ৰহনীয়া সংস্কৃতি আৰু সম্ভাৱনাক উপস্থাপন আৰু গতি দিয়াৰ ক্ষেত্ৰত চেষ্টাৰ ক্ৰটি কৰা নাই বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।