আৰ্টিকল-৩৭০ প্ৰত্যাহাৰৰ ৩ বছৰঃ সামাজিক মাধ্যমত পাকিস্তানৰ ‘বিস্ফোৰণ’ৰ অপচেষ্টা…

আৰ্টিকল-৩৭০ প্ৰত্যাহাৰৰ ৩ বছৰঃ সামাজিক মাধ্যমত পাকিস্তানৰ ‘বিস্ফোৰণ’ৰ অপচেষ্টা…

author-image
asomiyapratidin
New Update
আৰ্টিকল-৩৭০ প্ৰত্যাহাৰৰ ৩ বছৰঃ সামাজিক মাধ্যমত পাকিস্তানৰ ‘বিস্ফোৰণ’ৰ অপচেষ্টা…

ডিজিটেল ডেস্কঃ আৰ্টিকল-৩৭০, ভাৰতীয় সংবিধানৰ এই অনুচ্ছেদ বাতিল হোৱা আজি ৩ বছৰ সম্পূৰ্ণ হ'ল। জন্মু-আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ ৰ লগতে ৰাজ্যৰ মৰ্যাদা বাতিল কৰাৰ সন্দৰ্ভত আজিৰ দিনটোতেই গৃহমন্ত্ৰী অমিত শ্বাহে এক বিধেয়ক সংসদত উত্থাপন কৰিছিল আৰু এই বিধেয়ক গৃহীত হোৱাৰ পিছতে জন্মুৰ-কাশ্মীৰে হেৰুৱাইছিল ৰাজ্যৰ মাৰ্যাদা, হেৰুৱাইছিল সংবিধানে দিয়া ৩৭০ অনুচ্ছেদ।

Advertisment

জন্মু-কাশ্মীৰৰ পৰা ৩৭০, আৰু ৰাজ্যৰ মৰ্যাদা বাতিল কৰাৰ পিছতে পাকিস্তানত আৰম্ভ হৈছিল প্ৰতিবাদ। এতিয়াও পাকিস্তানে ভাৰত বিৰোধী বিভিন্ন কাৰ্যকলাপ অব্যাহত ৰাখিছে। শেহতীয়াকৈ পাকিস্তানে সাসমাজিক মাধ্যমত ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলৈ এটা টুলিকিট সৃষ্টি কৰিছে। অৱশ্যে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি তুলিছে।

৫ আগষ্টৰ ঠিক এটা দিন পূৰ্বে পাকিস্তানে এই টুলিকিটটো প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ চীন, বেলজিয়াম, জাপান, ইউক্ৰেইন, বাৰ্মিংহাম, ডুবাই, অষ্ট্ৰেলিয়া, ইটালী, ডেনমাৰ্ক আৰু জাৰ্মানীত থকা দূতাবাসসমূহে প্ৰচাৰ কৰিছে।

য'ত লিখা আছে ভাৰতে ৫ আগষ্ট ২০১৯ ত একপক্ষীয় আৰু অবৈধ পদক্ষেপৰ বিৰোধিতা কৰিব লাগে। ইয়াত কোৱা হৈছে কাশ্মীৰৰ লোকসকলক উৎপীড়ন কৰাৰ লগতে মানৱ অধিকাৰ উলংঘন কৰা হৈছে। গতিকে এইবোৰ বন্ধ কৰিব লাগে।

ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এই বিষয়ে পূৰ্বেই তথ্য লাভ কৰিছিল। এই বিষয় সমূহ ৫ আগষ্টৰ মাত্ৰ এটা দিন পূৰ্বে সামাজিক মাধ্যমত প্ৰচাৰ কৰি পাকিস্তানে একপ্ৰকাৰে বিস্ফোৰণ কৰিব বিচাৰিছিল যদিও ভাৰতে পাকিস্তানৰ এই অপচেষ্টাৰ বিৰুদ্ধে প্ৰতিৰক্ষামূলক ব্যৱস্থা সাজু কৰি ৰাখিছে।

উল্লেখ্য যে কাশ্মীৰত এতিয়াও অনুষ্ঠিত হোৱা নাই নিৰ্বাচন। সাধাৰণ জনতাই নিৰ্বাচনৰ বাবে অপেক্ষা কৰিছে। তাৰ মাজতে শেহতীয়কৈ কাশ্মীৰত উপস্থিত হোৱা বিজেপি নেতা শ্বাহনাৱাজ হুছেইনে মন্তব্য কৰিছিল যে কাশ্মীৰৰ পৰিৱেশ এতিয়া বহু উন্নত। চহৰখনত হোটেল, বিমান বন্দৰ পৰ্যটকৰ কোলাহলৰ শব্দৰে গুঞ্জৰিত হৈ আছে। যোৱা ৭০ বছৰৰ ভিতৰত কাশ্মীৰ এতিয়া দেশৰ শীৰ্ষ পৰ্যটনস্থলী হৈ পৰিছে। ইয়ালৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে।

article 370 Indian constitution india Jammu Kashmir