বালিপৰাত দিন দুপৰতে চোৰে  লুটি নিলে ১২ লক্ষাধিক টকা

বালিপৰাৰ যুৱ ব্যৱসায়ীজনে বেঙ্কৰ পৰা টকা উলিয়াই গাড়ীত থৈ দোকানৰ ভিতৰলৈ যোৱাৰ সময়তে ঘটে এই ঘটনা,ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে

author-image
Asomiya Pratidin
New Update
cfg

•    বালিপৰাত দিন দুপৰতে চোৰে লুটি নিলে ১২ লক্ষাধিক টকা
•    শোণিতপুৰ জিলাৰ বালিপৰাত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। 
•    বুধবাৰে দিন দুপৰতে এগৰাকী ব্যৱসায়ীৰ পৰা চোৰে লুটি নিলে ১২ লাখ টকা। 
•    বালিপৰাৰ যুৱ ব্যৱসায়ীজনে বেঙ্কৰ পৰা টকা উলিয়াই গাড়ীত থৈ দোকানৰ ভিতৰলৈ যোৱাৰ সময়তে ঘটে এই ঘটনা ।
•    ব্যৱসায়ীজনৰ বাহনৰ গ্লাছ ভাঙি চোৰে লুটি নিয়ে ১২ লাখ টকা। 
•    ব্যৱসায়ীজনৰ গাড়ীৰ নম্বৰ হৈছে- AS-12-S-1921 মাৰুতি বলেন’।
•    ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে।

balipara Assam police