/asomiyapratidin/media/media_files/2025/04/10/xqeIVSYwkTL1zxOKKxPs.jpg)
ডিজিটেল সংবাদ, কাজিৰঙা : বৃহস্পতিবাৰে কাজিৰঙাত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা। দিন দুপৰতে কাজিৰঙাত চোৰে চলাই চাফাই অভিযান ।
জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিয়ে সোণৰ অলংকাৰৰ লগতে নগদ ধন । কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আশ্চাৰ্য্য ৰঞ্জন ৰাজখোৱাৰ ঘৰৰ খিৰিকিৰে প্ৰৱেশ কৰি চোৰে এই দুস্কাৰ্য সংঘটিত কৰে।
ইফালে এই ঘটনাৰ পাছতে চেপেনাকোবোৱাৰ ঘৰখত উপস্থিত হৈছে কহঁৰা আৰক্ষীয়ে। লগতে উক্ত ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।