বালাজান তিনালীৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ডঃ সুৰক্ষাক লৈ চিন্তিত ব্যৱসায়ী

বিগত কেইবামাহৰ পৰা কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বালাজান তিনালীত সঘনে চুৰি কাণ্ডই ব্যৱসায়ীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
বালাজান তিনালীৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ডঃ সুৰক্ষাক লৈ চিন্তিত ব্যৱসায়ী

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিগত কেইবামাহৰ পৰা কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। বালাজান তিনালীত মাহেকে -পষেকে চুৰি কাৰ্য হৈ থকা ঘটনাই ব্যৱসায়ীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

চুৰি কাৰ্যই ব্যৱসায়ীসকলৰ নিদ্ৰাহৰণ কৰাৰ সময়তে বৃহস্পতিবাৰে নিশাও বালাজান তিনালীৰ এখন ফাৰ্মাচী আৰু এখন হাৰ্ডৱেৰ দোকানত চোৰে চাফাই অভিযান চলায়। চোৰে ফাৰ্মাচীৰ বাথৰুমৰ ভেণ্টিলেচন ভাঙি ফাৰ্মাচীত সোমায় আৰু প্ৰথমে চিচি টিভিৰ তাঁৰ কাটে ।

ইয়াৰ পিছতে ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ড্ৰয়াৰত থকা প্ৰায় ৮ৰ পৰা ৯ হাজাৰ টকা চোৰে লুট কৰি নিয়াৰ লগতে চিচি টিভিৰ সা-সৰঞ্জামখিনিও কাটি লৈ যায়। উল্লেখ্য যে বালাজান তিনালীৰ পৰা মাথো এক কিলোমিটাৰ নিলগত বালাজান উপ আৰক্ষী চকী অৱস্থিত আৰু তৎসত্বেও চোৰে প্ৰায়ে বালাজান তিনালীত চাফাই অভিযান চলোৱাত ব্যৱাসায়ীক প্ৰতিষ্ঠানৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ব্যৱসায়ীসকল। 

প্ৰণিধানযোগ্য যে বালাজান তিনালীত প্ৰায়ে কিবা নহয় কিবা এটা ঘটনা সংঘটিত হৈ থাকে আৰু বালাজান তিনালীতে ইয়াৰ পূৰ্বে দুৰ্ষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলীচালনাত ১৬ জনৰো অধিক লোক নিহত হোৱাৰ দৰে দেশ কপোৱা ঘটনা সংঘটিত হৈছিল। অত্যন্ত স্পৰ্শকাতৰ বুলি বিবেচিত বালাজান তিনালীত দিনৰ ভাগত এগৰাকী আৰক্ষীয়ে পহৰা দিয়ে যদিও নিশা পহৰাৰ ব্যৱস্থা নাই।

পূৰ্বতে বালাজান তিনালীত ২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰ টহল আছিল যদিও এতিয়া নিশাৰ ভাগত নিৰাপত্তাৰক্ষী নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে প্ৰায় প্ৰতিমাহতে চাফাই অভিযান চলায়। বালাজান তিনালী ব্যৱসায়ী সন্থাৰ সভাপতি ধনঞ্জয় নাথ আৰু সম্পাদক দৰবিন্দ বসুমতাৰীয়ে বালাজান তিনালী বজাৰ এলেকাত নিশা আৰক্ষীৰ পেট্ৰলিং আৰু পহৰাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে।

তদুপৰি চোৰৰ বিৰুদ্ধেও অভিযান চলাবলৈ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে।

চোৰ বালাজান