মৰিগাঁৱত চোৰৰ অতপালি : আৰক্ষীৰ নীৰৱ ভূমিকা...

মৰিগাঁৱত অৱ্যাহত আছে চোৰৰ অতপালি। সদৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰাইছে চোৰে। আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ চোৰে প্ৰায়েই সংঘটিত কৰি আহিছে চুৰিকাৰ্য।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত চোৰৰ অতপালি : আৰক্ষীৰ নীৰৱ ভূমিকা

মৰিগাঁৱত চোৰৰ অতপালি : আৰক্ষীৰ নীৰৱ ভূমিকা

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁৱত অৱ্যাহত আছে চোৰৰ অতপালি। সদৰ আৰক্ষীক নাকত ধৰি চাকত ঘুৰাইছে চোৰে। আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈ চোৰে প্ৰায়েই সংঘটিত কৰি আহিছে চুৰিকাৰ্য।

আৰক্ষীৰ এনে ভূমিকাৰ সুযোগ লৈ অতি শেহতীয়াকৈ শুকুৰবাৰে নিশা পুনৰ মৰিগাঁও চহৰৰ ১ নং ৱাৰ্ডৰ লঠাবৰিত চোৰে লুটি নিলে চাৰি ঘৰ গৃহস্থৰ মন্দিৰৰ মণিকূট। ইয়াৰ উপৰি চাৰিওঘৰ ব্যক্তিৰ ঘৰৰ মণিকূটৰ থাপনা, কাঁহ পিতলৰ সামগ্ৰীসহ নগদ ধন লুটি নিয়ে বুলি ভুক্তভোগীয়ে জানিবলৈ দিয়ে।

এইখিনি এটা কথা উল্লেখ কৰা প্ৰয়োজন যে বিগত এক/ ডেৰমাহত মৰিগাঁও চহৰত প্ৰায় অৰ্ধ শতাধিক মণিকূট চোৰে চুৰি কৰি লৈ গৈছে। লঠাবৰিত গাঁৱত কিছুদিন পূৰ্বে ১০ ঘৰৰ মণিকূট চোৰে চুৰি কৰি নিছিল। ইমানৰ পাছতো আৰক্ষীৰ গা নলৰাত সচতেন মহলে প্ৰশ্ন তুলিছে।

morigaon police