জামুগুৰিহাটত চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

জামুগুৰিহাটৰ গটাইমাৰী গাঁৱত বিগত কেইবাদিনো ধৰি চুৰিকাণ্ড সংঘটিত হৈ আহিছে । বিগত দিনত ১৭ টাকৈ পৰিয়ালৰ ঘৰত সংঘটিত হৈছিল চুৰিকাৰ্য ৷

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ গটাইমাৰী গাঁৱত বিগত কেইবাদিনো ধৰি চুৰিকাণ্ড সংঘটিত হৈ আহিছে । বিগত দিনত ১৭ টাকৈ পৰিয়ালৰ ঘৰত সংঘটিত হৈছিল চুৰিকাৰ্য ৷

জহুৰ আলিৰ নেতৃত্বত চোৰৰ এটা দলে গাঁওখনৰ পৰিয়াল সমুহৰ ঘৰৰ পৰা নগদ টকাৰ লগতে সা-সামগ্ৰী আদি চুৰি কৰিছিল । জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হাজীৰ আলি চৰকাৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে এক বিশেষ সূত্ৰৰ ভিত্তিত  গৈ দুধৰ্ষ চোৰ জহুৰ আলিক দলগাঁৱৰ ২নং কছাৰীভেটি গাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

সম্প্ৰতি আৰক্ষীয়ে জহুৰ আলিৰ বিৰূদ্ধে গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জে-হাজোতলৈ প্ৰেৰণ কৰিছে৷

চোৰ