/asomiyapratidin/media/media_files/2025/08/07/1-2025-08-07-19-53-04.jpg)
ডিজিটেল সংবাদ,জোনাইঃ চিমেন চাপৰি সানজাৰি নৌগৰ খেলপথাৰত সংযুক্ত বড়ো গণ মঞ্চ আৰু কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি বিশাল গণ সমাৱেশ উলিয়ায়। বড়ো কছাৰী ৰেজিমেন্ট খোলাৰ দাবীত ধেমাজি জিলা সমিতিৰ সহযোগত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সংযুক্ত বড়ো গণ মঞ্চই বিশাল সমদল বাহিৰ কৰে।
তেওঁলোকৰ দাবী সমূহ ক্ৰমে, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ বি টি আৰৰ বাহিৰৰ সম্পূৰ্ণ বড়ো গাঁও সমূহ অন্তৰ্ভুক্ত কৰি, সমষ্টি নিৰ্দ্ধাৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰা।
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়ো সকলক পাহাৰীয়া জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰা।
বি কে ডব্লিউ এচিৰ পূঁজি বৃদ্ধি আৰু বি টি আৰৰ বাহিৰৰ বড়োসকলৰ উন্নয়নৰ বাবে বিশেষ পূঁজি প্ৰদান কৰা।
বি টি আৰৰ বাহিৰৰ বড়ো মাধ্যমৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ থকা যুৱক-যুৱতীক বড়ো মাধ্যমৰ বিদ্যালয় সমূহত বিশেষ নিযুক্তি প্ৰদান কৰা।
ওপৰোক্ত দাবী সমূহৰ লগতে অন্যান্য দাবীক লৈ চিমেন চাপৰিত বিশাল গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গোৰ্খা,শিখ ৰেজিমেন্টৰ দৰে সেনাবাহিনীৰ বড়ো কছাৰী ৰেজিমেন্ট খোলা আদি কেইবাটাও দাবী পূৰণৰ দাবী জনাই ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।