/asomiyapratidin/media/media_files/2025/03/07/cLfnHnRQjwGei1TRHmUW.jpg)
এবছৰে পাঠদান বন্ধ
ডিজিটেল ডেস্ক, জামুগুৰিহাট: ৰাজ্য চৰকাৰৰ চৰম অমনোযোগিতাৰ বাবে বিগত প্ৰায় এটা বছৰ ধৰি সম্পূর্ণৰূপে বন্ধ হৈ আছে এখন চৰকাৰী শিক্ষানুষ্ঠানত। ১৯৭৮ চনত ৰাইজে ৰঙাপৰাৰাত স্থাপন কৰা “দপদপী-ৰংপুৰ প্ৰাথমিক বিদ্যালয়” নামৰ বিদ্যালয়খনত এবছৰে হোৱা নাই পাঠদান। বড়ো মাধ্যমৰ বিদ্যালয়খনত শিক্ষা বিভাগে এজন শিক্ষক নিযুক্তি নিদিয়াৰ বাবে বিদ্যালয়খনৰ আজিৰ এই অৱস্থাৰ অভিযোগ উঠিছে। যাৰবাবে বিদ্যালয়খনত বৰ্তমানৰ সময়ত বিৰাজ কৰি আছে নিমাওমাও পৰিৱেশে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বৈ অহা মানশিৰি নৈৰ ভয়ংকৰ গৰাখনীয়াৰ কবলত পৰাৰ পাছতে স্থানীয় ৰাইজে লগে লগে সুৰক্ষিত স্থানত গাঁঠিৰ ধন ভাঙি বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰিছিল। দপদপী ৰংপুৰ অঞ্চলত পূৰ্বৰ দৰে শৈক্ষিক বাতাবৰণ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ৰাইজে কৰিছিল অপ্ৰাণ চেষ্টা।
উল্লেখযোগ্য যে, বিদ্যালয়খন আন্তঃগাঁথনিৰে পৰ্যাপ্ত পৰিমাণে উন্নত আছিল। ছাত্ৰ-ছাত্ৰীৰ বাবে ডেক্স-বেঞ্চৰ লগতে সকলো ব্যৱস্থাই আছিল। কিন্তু অতি পৰিতাপৰ কথা বালিপৰা শিক্ষা খণ্ডৰ অধীনত থকা শিক্ষানুষ্ঠানখনৰ একমাত্ৰ শিক্ষক ' চবিন খাগলাৰী' য়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত শিক্ষা বিভাগে এজনো শিক্ষক নিযুক্তি নিদিয়াৰ বাবেই আজি প্রায়ে এবছৰে ধৰি বিদ্যালয়খনত পাঠদান বন্ধ হৈ আছে। ইফালে ৰাইজে নিৰ্মাণ কৰা বিদ্যালয়খনত এজন বড়ো শিক্ষক নিযুক্তি দিবলৈ লিখিতভাৱে বালিপৰা শিক্ষা খণ্ড কাৰ্যালয়ত আৱেদন জনোৱা হৈছিল যদিও সেয়াও ফলপ্রসূ নহ'ল। বিদ্যালয়খনত শীঘ্ৰেই এজন শিক্ষক নিযুক্তি প্ৰদান কৰি অঞ্চলটোত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে।