/asomiyapratidin/media/media_files/2025/07/12/380-2025-07-12-20-57-46.jpg)
ডিজিটেল সংবাদ, চিৰাং : ৰাইজে নখ জোকাৰিলে নৈ বয় ! এই কথাষাৰ এশ শতাংশ প্ৰতিফলিত হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলৰ নিজলাগুৰী গাঁৱত । পথাৰতত খেতি কৰিবলৈ নাই প্ৰয়োজনীয় পানী ! জলসিঞ্চন প্ৰকল্প এটা আছে কিন্তু প্ৰকল্পটোৰ পানী খেতিপথাৰত গৈ নেপায় ।
উল্লেখযোগ্য যে, চৰকাৰলৈ বহু অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এইবেলি চৰকাৰলৈ অপেক্ষা নকৰি বেংতল, টুক্ৰাঝাৰৰ আৰু নিজলাগুৰী এলেকাৰ ২৫ খন গাঁৱৰ পাঁচ শতাধিক খেতিয়ক ৰাইজে ওলাই আহি অৰ্দ্ধনিৰ্মিত শ্লুইচ গেট মেৰামতিত নামি পৰে । স্থানীয় খেতিয়কসকলৰ অভিযোগ ১৯৮২ চনৰ পৰা এই নিজলাগুৰী জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ হৈছিল কিন্তু বিভাগীয় অৱহেলাৰ বাবে উক্ত জলসিঞ্চন প্ৰকল্পৰ কিছু কাম আধৰুৱা থাকি গৈছিল ।
অৰ্দ্ধ নিৰ্মিত হৈ থকা জলসিঞ্চন প্ৰকল্পটোৰ এটা অংশ প্ৰতিবছৰে বাৰিষাৰ সময়ত উটুৱাই লৈ যোৱাৰ ফলত পানী যোগান সম্পূৰ্ণ বন্ধ হৈ পৰে। এই বেলিও একেটা সমস্যা হৈছে । তাৰ মাজতেই অনাবৃষ্টিৰ ফলত খেতিপথাৰত প্ৰয়োজনীয় পানী নথকাৰ কাৰণে অঞ্চলটোৰ খেতিয়কসকল মূৰে কপালে হাত দিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে ।
যাৰ কাৰণে আজিৰ দিনটোত চৰকাৰলৈ অপেক্ষা নকৰি ২৫ খন গাঁৱৰ খেতিয়ক ৰাইজে ওলাই আহি অৰ্দ্ধনিৰ্মিত জলসিঞ্চন প্ৰকল্পৰ ভাগি যোৱা অংশত বাঁহ, গছ-গছনি, শিল আদিৰে মেৰামতি কৰি অস্থায়ীভাৱে হ'লেও খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰে । উল্লেখ্য চৰকাৰ তথা জলসিঞ্চন বিভাগৰ লোকক এই সন্দৰ্ভত বহুবাৰ লিখিতভাৱে জনোৱা হৈছিল।
কিন্তু আজিলৈকে এইক্ষেত্ৰত কোনো যোগাত্মক ভুমিকা গ্ৰহণ কৰা হোৱা নাই যিটোৰ দ্বাৰা খেতিয়ক সমাজ উপকৃত হ'ব । তাৰ মাজতেও সংবাদ মাধ্যমৰ জৰিয়তে ভুক্তভোগী খেতিয়ক ৰাইজে বিটিচি প্ৰশাসনক আহ্বান খেতিয়কসকলৰ সুবিধাৰ্থে এই অৰ্দ্ধনিৰ্মিত শ্লুইচ গেটটো মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ।