শিৱসাগৰত বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৌচুমী চুলতানা(২১) নামৰ বিবাহিতা মহিলা গৰাকীক  স্বামী চাহিল হাজৰিকাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। স্বামী চাহিল হাজৰিকাৰ ঘৰ দিখৌ দলঙৰ মায়াচুকত।

author-image
Asomiya Pratidin
New Update
পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ

পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰত বিবাহিত মহিলাৰ সন্দেহজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ মৌচুমী চুলতানা(২১) নামৰ বিবাহিতা মহিলা গৰাকীক স্বামী চাহিল হাজৰিকাই পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে। স্বামী চাহিল হাজৰিকাৰ ঘৰ দিখৌ দলঙৰ মায়াচুকত। মহিলাগৰাকীক স্বামী চাহিল হাজৰিকা আৰু মাতৃয়ে মিলি মাৰপিট কৰি ৰাজপথত পেলাই দি স্কুটী দুৰ্ঘটনা হোৱা বুলি মৌচুমী চুলতানাৰ অভিভাৱক অৱগত কৰাৰ অভিযোগ মৌচুমী চুলতানাৰ পৰিয়ালৰ লোকৰ।

ঘটনাটো সংঘটিত হৈছিল যোৱা ২ এপ্ৰিলত ৷ দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত কৰুণভাৱে মৃত্যুক আঁকোৱালী ল’ব লগা হয় মৌচুমী চুলতানাই। 

২০২৩ বৰ্ষত মৌচুমী চুলতানা বিবাহপাশত আৱদ্ধ হৈছিল  মায়াচুকৰ চাহিল হাজৰিকাৰ সৈতে। মৌচুমী বিবাহপাশত আৱদ্ধ হোৱাৰ দিনৰে পৰা চাহিল হাজৰিকা আৰু মাতৃয়ে মাৰপিট কৰাৰ অভিযোগ কৰিছে মৌচুমী চুলতানাৰ পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত মৌচুমী চুলতানাৰ পৰিয়ালে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। নিশা মৌচুমীৰ মৃতদেহ ঘৰলৈ অনাৰ সময়ত হাজাৰ হাজাৰ লোক সমবেত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায় ৷

শিৱসাগৰ