উত্তৰ-পূবৰ খনিজ পদাৰ্থৰ সঠিক ব্যৱহাৰত গুৰুত্ব কেন্দ্ৰৰ

বিশ্বই স্বচ্ছ শক্তি আৰু ডিজিটেলাইজেচনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। যাৰ ফলত লিথিয়াম, কোবাল্ট, গ্ৰেফাইট, ভেনাডিয়াম আদি জটিল খনিজ পদাৰ্থ একবিংশ শতিকাৰ অৰ্থনীতিৰ বাবে অপৰিহাৰ্য হৈ পৰিছে। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB khanij

ডিজিটেল ডেস্ক : বিশ্বই স্বচ্ছ শক্তি আৰু ডিজিটেলাইজেচনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। যাৰ ফলত লিথিয়াম, কোবাল্ট, গ্ৰেফাইট, ভেনাডিয়াম আদি জটিল খনিজ পদাৰ্থ একবিংশ শতিকাৰ অৰ্থনীতিৰ বাবে অপৰিহাৰ্য হৈ পৰিছে। 

Advertisment

এই খনিজ পদাৰ্থবোৰে আধুনিক প্ৰযুক্তিৰ মেৰুদণ্ড। বৈদ্যুতিক বাহনৰ পৰা আৰম্ভ কৰি অৰ্ধপৰিবাহীলৈকে, সৌৰ পেনেলৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা সঁজুলিলৈকে সকলোতে প্ৰয়োজন হয় খনিজ পদাৰ্থবোৰ। 

উত্তৰ-পূৱ ভাৰতৰ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমকে ধৰি অৱহেলা হৈ আছিল যদিও নৰেন্দ্ৰ মোদীৰ চৰকাৰ দিল্লীত গঠন হোৱাৰ পাছত সেই দূৰত্ব হ্ৰাস পায়। মোদী চৰকাৰে এই উত্তৰ- পূবৰ ৰাজ্যসমূহৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দি ইয়াত আন্তঃগাঠনিক প্ৰকল্প ৰূপয়ণ কৰিছে। 

এই অঞ্চলসমূহত থকা প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰ হৈছে। চলিত মাহত চৰকাৰে ঘোষণা কৰে যে, উত্তৰ-পূবত লিথিয়াম, কোবাল্ট, ক্ৰ’মিয়াম, গ্ৰেফাইট, ভেনাডিয়ামকে ধৰি কেইবাটাও জটিল খনিজ পদাৰ্থ আছে। নেশ্যনেল মিনাৰেল এক্সপ্ল’ৰেশ্যন ট্ৰাষ্টৰ চলি থকা সমীক্ষাত অঞ্চলটোৰ ৩৮টা এনে ব্লক চিনাক্ত কৰা হৈছে। তাৰোপৰি ৭টা ব্লক নিলামৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

north east