/asomiyapratidin/media/media_files/2025/06/23/whatsapp-image-2025-06-23-19-57-58.jpeg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: অসমৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ ব্যাপক উন্নয়ন হোৱা বুলি জয়ঢোল কোবাই অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্য্যকালত প্ৰকৃততে যে অসমৰ চৰকাৰী স্বাস্থ্য খণ্ডত মৃত্যু ঘণ্টাহে বাজিছে তাৰ বাস্তৱ ছবি প্ৰতিফলিত হৈছে গহপুৰত। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ অধীনত থকা ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়খনত এতিয়া সাধাৰণ বেণ্ডেজৰ কাপোৰ এখনৰো অভাৱ পৰিলক্ষিত হৈছে।
১০০ খন বিছনা যুক্ত গহপুৰ সমজিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন হৈছে গহপুৰবাসী ৰাইজৰ বহু আশা ভৰসাৰ থলী।বিশেষকৈ সাধাৰণ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীসকলে এইখন চিকিৎসালয়ৰ ওপৰতে নিৰ্ভৰ কৰি আহিবলগীয়া হৈছে যদিও এই চিকিৎসালয়খনে সাধাৰণ ৰাইজক সকাহ দিয়াৰ ক্ষেত্ৰত চূড়ান্ত ভাবে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।
এক কথাত বাহিৰে ৰং চং আৰু ভিতৰে কোৱা ভাতুৰীৰ দৰেহে হৈ পৰিছে চিকিৎসালয়খন।জানিব পৰা মতে-গহপুৰ সমজিলাৰ অন্তৰ্ভুক্ত নয়া ঘগৰা চাহ বাগিচাৰ ৰায়পুৰীয়া লাইনৰ চম্পা গোৱালা(৩১) নামৰ এগৰাকী চাহ শ্ৰমিক আজি আগবেলা চিকিৎসা বিচাৰি গৈছিল চিকিৎসালয়খনলৈ।
হাত এখনত ভাঙি যোৱাৰ বাবে চিকিৎসাৰ বাবে গৈছিল তেওঁ।কিন্তু ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত তেনে চিকিৎসাৰ বাবে বেণ্ডেড কিম্বা প্লাষ্টাৰ কৰাৰ কোনোধৰণৰ সুবিধা নথকাত সাধাৰণ চাহ শ্ৰমিকগৰাকীক চিকিৎসা অবিহনেই ঘূৰাই পঠোৱা হয় চিকিৎসালয়খনৰ পৰা।বহু ৰঙ চঙীয়া আৰু ব্যয় বহুল আন্তঃগাঁথনিৰে ভৰপূৰ উক্ত চিকিৎসালয়খনত সাধাৰণ বেণ্ডেড কিম্বা প্লাষ্টাৰৰ সামগ্ৰী যোগাৰ নথকা বিষয়টো সহজভাৱে ল'ব পৰা নাই আটছাই।
এইক্ষেত্ৰত আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰবিদাসে এয়া চিকিৎসালয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি আৰু দায়িত্বজ্ঞানহীনতা বুলি উল্লেখ কৰি এই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিছে।বিয়লিলৈ চাহ শ্ৰমিকগৰাকীক চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলিলৈ নিয়াৰ ব্যৱস্থা কৰে বাগিচা কৰ্তৃপক্ষই।
উল্লেখযোগ্য যোৱা কেইবামাহৰ আগলৈকে উক্ত চিকিৎসালয়খনত কাৰ্য্যবাহী দণ্ডাধীশৰ জৰিয়তে নিয়মীয়া পৰিদৰ্শনৰ এক নিয়ম চলি আহিছিল।সপ্তাহত দুবাৰকৈ আৰু কেতিয়াবা সপ্তাহত এবাৰকৈ চলি আহিছিল এনেধৰণৰ পৰিদৰ্শন।
কিন্তু দিন বাগৰাৰ লগে এনেধৰণৰ পৰিদৰ্শন কাৰ্য বন্ধ হৈ পৰিল।চাহ শ্ৰমিকসকলৰ স্বাধীনতা আৰু সুবিধাৰ ওপৰত মাত মাতি অহা বিজেপি চৰকাৰৰ বাবে উক্ত বিষয়টো অতি লজ্জাজনক বুলি মন্তব্য কৰিছে গহপুৰৰ সচেতন ৰাইজে।