খাদ্য সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ যোগান বিভাগৰ

মেহেৰপুৰৰ ললিত কোল্ড ষ্টোৰত ৬৯ হাজাৰ বস্তা আলু মজুত থকাৰ কথা জানিবলৈ দিয়ে প্ৰশাসনে। ইয়াৰ ভিতৰত  ৫৬ হাজাৰ বস্তা বেংগল আৰু ১৩ হাজাৰ বস্তা আগ্ৰাৰ আলু।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আলুৰ বস্তা

ডিজিটেল সংবাদ, শিলচৰ : বানপানীৰ সময়ত যাতে অসাধু ব্যৱসায়ীয়ে খাদ্য সামগ্ৰীৰ‌ মূল্য বৃদ্ধি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি শিলচৰত প্ৰশাসন তথা খাদ্য আৰু যোগান বিভাগে চলাইছে অভিযান। চহৰৰ তাৰাপুৰ, ৰংপুৰ, মেহেৰপুৰসহ বিভিন্ন বজাৰৰ লগতে কেইবাটাও গুডামত অভিযান চলাই প্ৰশাসনে।  

fghf

অভিযানকালত মেহেৰপুৰৰ ললিত কোল্ড ষ্টোৰত ৬৯ হাজাৰ বস্তা আলু মজুত থকাৰ কথা জানিবলৈ দিয়ে প্ৰশাসনে। ইয়াৰ ভিতৰত  ৫৬ হাজাৰ বস্তা বেংগল আৰু ১৩ হাজাৰ বস্তা আগ্ৰাৰ আলু। অৱশ্যে, বুজন পৰিমাণৰ এই আলুখিনি কোল্ড ষ্টোৰত সম্পূৰ্ণ বৈধভাৱে মজুত কৰি ৰখা বুলি সদৰী কৰিছে প্ৰশাসনে। 

বানপানীৰ সুবিধা লৈ যাতে আলুৰ দাম বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে সকলো ব্যৱসায়ীকে প্ৰশাসনৰ ফালৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। আনহাতে, প্ৰতিখন শাক পাচলিৰ বজাৰত অভিযান চলাই প্ৰশাসনে প্ৰতিবিধ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি দিছে।‌ 

অনুৰূপভাৱে অনান্য খাদ্য সামগ্ৰীৰো মূল্য নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। বৰ্তমান কাছাৰ জিলাত পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী মজুত থকা বুলি প্ৰশাসনৰ ফালৰ পৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

বিজ্ঞপ্তিযোগে নিৰ্ধাৰণ কৰা সামগ্ৰীৰ খুচুৰা মূল্য এনে ধৰণৰ

প্ৰতি কিলো সাধাৰণ চাউলৰ মূল্য ৩৬ টকাৰ পৰা ৩৮ টকা পৰ্যন্ত।

প্ৰতি কিলো চুপাৰ ফাইন চাউলৰ মূল্য ৩৮ টকাৰ পৰা ৪১ টকা পৰ্যন্ত।

প্ৰতি কিলো সৰু মচুৰ দাইলৰ মূল্য ৯৫ টকাৰ পৰা ১০৫টকা।

প্ৰতি কিলো মধ্যমীয়া মচুৰ দাইলৰ মূল্য  ৯২ টকাৰ পৰা ৯৭ টকা।

প্ৰতি কিলো ডাঙৰ মচুৰ দাইলৰ মূল্য ৮৪ টকাৰ পৰা ৮৭ টকা।

প্ৰতি কিলো মুগু দাইলৰ মূল্য ১০৮ টকাৰ পৰা ১২০ টকা।

প্ৰতি কিলো ৰহৰ দাইলৰ মূল্য ১৫০ টকাৰ পৰা ১৩০ টকা।

প্ৰতি কিলো চেনীৰ মূল্য ৫১ টকাৰ পৰা ৫২টকা।

প্ৰতি কিলো খোলা আটাৰ মূল্য ৪০ টকাৰ পৰা ৪১টকা।

প্ৰতি কিলো ময়দাৰ মূল্য ৪০ টকাৰ পৰা ৪১ টকা।

প্ৰতি কিলো চুজিৰ মূল্য ৪৬ টকাৰ পৰা ৪৭ টকা।

প্ৰতি কিলো পিঁয়াজৰ (পাটনা) মূল্য ২৯ টকাৰ পৰা ৩০ টকা।

প্ৰতি কিলো পিঁয়াজৰ (বগা) মূল্য ২৬ টকাৰ পৰা ২৭ টকা।

প্ৰতি কিলো আলুৰ (বেংগল) মূল্য ২২ টকাৰ পৰা ২৩ টকা।

 প্ৰতি কিলো আলুৰ( উত্তৰ প্ৰদেশ) মূল্য ২৮ টকাৰ পৰা ৩৩ টকা।

 প্ৰতি কিলো আলুৰ(জলন্ধৰ) মূল্য২৭ টকাৰ পৰা ২৯ টকা।

প্ৰতি লিটাৰ মিঠাতেল(সাধাৰণ) মূল্য ১৩৫ টকাৰ পৰা ১৪২ টকা।

প্ৰতি লিটাৰ মিঠাতেল(কাঁচি ঘানী) মূল্য ১৫৪ টকাৰ পৰা ১৫৮ টকা।

প্ৰতি লিটাৰ মিঠাতেল(ইঞ্জিন) মূল্য ১৯২ টকাৰ পৰা ১৯৮ টকা।

প্ৰতি লিটাৰ ৰিফাইনৰ মূল্য ১৩৫ টকাৰ পৰা ১৪০ টকা।

আলু