কাৰিগাঁৱত বড়ো সংস্কৃতিৰ ঐতিহ্য বনকাৰী আটকধুনীয়া থিমেটিক গেট মুকলি

কাৰিগাঁৱৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বড়োলেণ্ডৰ সদৰ কোকৰাঝাৰলৈ যোৱা মূল পথত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আটকধুনীয়াকৈ নিৰ্মিত হোৱা "থিমেটিক গেট" মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
কাৰিগাঁৱত বড়ো সংস্কৃতিৰ ঐতিহ্য বনকাৰী আটকধুনীয়া থিমেটিক গেট মুকলি

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বড়োলেণ্ডৰ সদৰ কোকৰাঝাৰলৈ যোৱা মূল পথত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আটকধুনীয়াকৈ নিৰ্মিত হোৱা "থিমেটিক গেট" আনুষ্ঠানিকভাৱে মুকলি কৰে। ১ কোটি ৮১ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হোৱা থিমেটিক গেটখনৰ ডিজাইনাৰ আছিল সঞ্জীৱ দৈমাৰী। 

Advertisment

থিমেটিক গেটখনত বড়োসকলৰ ঐতিহ্য বহনকাৰী সংস্কৃতি ফুটি উঠিছে আৰু গেটখনত চিফুং,  চেৰজা,  খাম,  পখিলা,  সোণালী বান্দৰ আৰু ডিমাপুৰৰ কছাৰী ৰাজ্যৰ প্ৰতীকপট সংলগ্ন কৰা আছে। উল্লেখ্য যে, আজি সন্ধিয়া প্ৰায় ৭ বজাত এক অতি উৎসৱমুখৰ পৰিৱেশত থিমেটিক গেটখন মুকলি কৰে বি টি চিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। 

থিমেটিক গেটখন আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰমোদ বড়োৱে কয় যে বড়োলেণ্ডৰ সদৰ কোকৰাঝাৰলৈ সোমাৱাৰ বাবে কোনো ধৰণৰ পথ নিৰ্দেশনা নাছিল। গেটখন মুকলি হোৱাৰ পিছত সকলোৰে সুবিধা হ'ব আৰু বড়োসকলৰ চহকী সংস্কৃতিৰ বিষয়ে গেটৰ পৰাই সম্যক ধাৰণা গঢ় লৈ উঠিব। 

ভৱিষ্যতে কাৰিগাঁওৰ পৰা বিটিচি সচিবালয়লৈ যোৱা পথটো ফ’ৰলেন কৰাৰ পৰিকল্পনা আছে আৰু তেতিয়া সকলো জাতি- জনগোষ্ঠীৰ সংস্কৃতিৰ বিভিন্ন ঠাইত প্ৰদৰ্শিত কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। বড়োলেণ্ডত বসবাস কৰা ২৬ টা জনগোষ্ঠীৰ মাজত সদায় মৰম-চেনেহ,  ভাতৃত্ববোধ থকাটো বিচাৰো আৰু প্ৰতিটো জাতি-জনগোষ্ঠীৰে ভাষা-সংস্কৃতি, কলা-কৃষ্টি আগবঢ়াই নিয়া হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।

ইপিনে আজি বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠক সম্পন্ন হোৱা বুলি সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে কাৰ্যবাহী পৰিষদৰ বৈঠকত খৰাং বতৰৰ ফলত উদ্ভৱ হোৱা খেতিয়কৰ সমস্যা, দৰিদ্ৰ সীমাৰেখাৰ তলত বসৱাস কৰা লোকৰ আয় বঢ়োৱা, মানৱ সৰবৰাহ বন্ধ কৰা আৰু নিযুক্তি সম্পৰ্কীয় আলোচনা কৰা হয়। তাৰোপৰি তেওঁ ৩১ জুলাইত বিটিচিৰ অধিবেশন অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে। 

আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিপিএফ আৰু ইউপিপিএলক একত্ৰিতকৰণ হোৱাৰ বাবে আহ্বান জনোৱা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত কয় যে, মানৱ জাতি সদায় এক হৈ থাকক। এটা এটা জনগোষ্ঠী নিজৰ মাজত সদায় ঐক্যবদ্ধ হৈ থাকক। জাতীয় সংগঠন বিলাকে ভালৰ বাবেই সদায় জাতিৰ কথা চিন্তা কৰে। ৰাজনীতিৰ ক্ষেত্ৰত বহু ভাবিব লগা হয়। এবছুৱে পূৰ্বতেও একত্ৰিতকৰণৰ বাবে আহ্বান জনাইছিল আৰু ভৱিষ্যতেও জনাব। আমি ভৱিষ্যতে একত্ৰিতকৰণ হৈ কেনেদৰে আগবাঢ়ি যাব পাৰিম তাৰ বাবে চিন্তা কৰিম বুলি মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে। 

প্ৰণিধানযোগ্য যে আজিৰ থিমেটিক গেটখনৰ মুকলি অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ড° নিলুৎ স্বৰ্গীয়াৰী, গৌতম দাস,  বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশ লোৱাৰ বিপৰীতে কেইবাশতাধিক জনতাই অংশ লৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

কোকৰাঝাৰ